Agnipath Scheme : অগ্নিপথত ছদিনতেই দুই লাখ আবেদন বায়ুসেনাত ! নিয়োগ হ’ব তিনি হেজাৰ অগ্নিবীৰ

IAF Recruitment 2021 22 Mega Recruitment for Group C Posts in Air Force Salary as per 7th Pay Commission

এফালে, বিক্ষোভ-আন্দোলন । আনফালে, অগ্নিবীৰ হ’বৰ বাবে আবেদনৰ ঢল । নৰেন্দ্র মোদী চৰকাৰৰ অগ্নিপথ প্রকল্পক লৈ দেশৰ যুৱ প্রজন্মৰ একাংশ‌ যি তুমুল উৎসাহী, বায়ুসেনাৰ সাম্প্রতিক পৰিসংখ্যাত তাৰ স্পষ্ট ইংগিত পোৱা গৈছে ।

এই পৰিসংখ্যা জনাইছে, নিয়োগৰ বিজ্ঞপ্তি জাৰিৰ ছদিনৰ ভিতৰত বায়ুসেনাত জমা হৈছে দুই লাখৰো অধিক আবেদন । অথচ প্রথম বছৰত ভাৰতীয় বায়ুসেনা অগ্নিপথ প্রকল্পত মাত্র তিনি হেজাৰ যুৱক-যুৱতী নিয়োগ কৰিব ।

প্রসংগত, যোৱা ১৪ ফেব্রুৱাৰীত প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং সশস্ত্র বাহিনীৰ তিনি শাখাৰ (স্থল, নৌ আৰু বায়ুসেনা) বাবে অগ্নিপথ প্রকল্পৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পাছত ২৪ জুনত প্রথম বায়ুসেনাৰ তৰফৰ পৰা অগ্নিপথ প্রকল্পত নিয়োগৰ বিজ্ঞপ্তি প্রকাশ কৰা হৈছিল ।

অগ্নিপথ প্রকল্পত বায়ুসেনাত নিয়োগৰ প্রক্রিয়া শেষ হ’ব আগন্তুক পাঁচ জুলাইত । প্রতিৰক্ষা মন্ত্রণাৱয়ৰ মুখপাত্র অশোক ভূষণে এই কথা জনাই বুধবাৰে টুইটাৰত লিখে, ‘অগ্নিবীৰ বায়ু হ’বৰ বাবে এই পর্যন্ত দুই লাখ এহেজাৰজনে আবেদন কৰিছে । আবেদনৰ শেষ সুযোগ পাব পাঁচ জুলাই পর্যন্ত ।’

কেন্দ্রীয় মন্ত্রীসভাৰ নিৰাপত্তা বিষয়ক কমিটীয়ে সিদ্ধান্ত লৈছে, চলিত বছৰত সশস্ত্র বাহিনীৰ তিনি শাখাত ৪৬ হেজাৰ অগ্নিবীৰ নিয়োগ কৰা হ’ব । তাৰ ভিতৰত বায়ুসেনাত নিয়োগ কৰা হ’ব তিনি হেজাৰজনক ।

Exit mobile version