COVID-19 : চতুর্থ ঢৌ আসন্ন ? বৃদ্ধি পাইছে দেশৰ দৈনিক কৰ’না সংক্রমণ, এক লক্ষৰ ওচৰা-ওচৰি সক্ৰিয় ৰোগীৰ সংখ্যা

233611 corona wave

কৰ’নাৰ চতুর্থ ঢৌ আসন্ন ? দেশত ঊর্ধ্বমুখী দৈনিক সংক্রমণে যেন সেই ইংগিতেই দিছে । সাধাৰণ জনতা স্বাভাৱিক হ’বলৈ ল‌ওঁতেই নতুনকৈ আৰম্ভ হৈছে মাৰণ ভাইৰাছ । লগতে বাঢ়িছে সক্রিয় ৰোগীৰ সংখ্যা ।

বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে (Ministry of Health and Family Welfare) দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰ’না (Coronavirus) আক্রান্ত হৈছে ১৪,৫০৬ জন । কালি এই সংখ্যা নামিছিল ১২ হেজাৰৰ তলত । দৈনিক সংক্রমণৰ লগতে বাঢ়িল সক্ৰিয় ৰোগীৰ সংখ্যাও ।

বর্তমান দেশৰ সক্রিয় ৰোগী বাঢ়ি হৈছে ৯৯ হেজাৰ ৬০২ । সমগ্ৰ দেশত সক্ৰিয় ৰোগীৰ হাৰ ০.২৩ শতাংশ । স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, ভাৰতত এদিনত কৰ’নাত প্রাণ হেৰুৱাইছে ৩০ জনে । দেশত এই পর্যন্ত ক’ভিডত মুঠ মৃতৰ সংখ্যা পাঁচ লাখ ২৫ হেজাৰ ৭৭ ।

বিগত ২৪ ঘণ্টাত দেশৰ সংক্রমিতৰ ভিতৰত কেৱল মহাৰাষ্ট্রতেই এদিনত আক্রান্ত ৩,৪৮২ জন । প্রায় ৪৭ শতাংশ বাঢ়িল সংক্রমণ । ইয়াৰ ভিতৰত মুম্বাইত সংক্রমিত ১২৮০ । সক্ৰিয় ৰোগীৰ সংখ্যা বাঢ়িছে । ৰাজ্যখনত এদিনত মৃত্যু হৈছে পাঁচজনৰ । অৱশ্যে তুলনামূলক স্বস্তিজনক ৰাজধানী দিল্লীৰ কৰ’না গ্রাফ । তাত এদিনত কৰ’না সংক্ৰমণ হৈছে ৮৭৪ জনৰ শৰীৰত । মাৰণ ভাইৰাছত প্রাণ হেৰুৱাইছে চাৰিজনে ।

ইয়ৰ মাজতেই একমাত্র স্বস্তি সুস্থতাৰ হাৰ । পৰিসংখ্যা অনুযায়ী, এই পর্যন্ত দেশত চাৰি কোটি ২৮ লাখ আঠ হেজাৰ ৬৬৬ জন কৰ’না মুক্ত হৈছে । যাৰ ভিতৰত বিগত ২৪ ঘণ্টাত কৰ’না আক্ৰান্ত হৈ সুস্থ হৈছে ১১,৫৭৪ জন । সুস্থতাৰ হাৰ ৯৮.৫৬ শতাংশ ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, এই পর্যন্ত দেশত ১৯৭ কোটি ৪৬ লাখৰো অধিক কৰ’না টিকা দিয়া হৈছে । ইয়াৰ ভিতৰত কালি ভেকচিন লাভ কৰিছে প্রায় চাৰে ১৩ লাখে । ইপিনে, সাতৰ পৰা ১২ বছৰৰ সকলৰ বাবে অনুমোদন পত্র দিয়া হ’ল ছেৰামৰ ক’ভ’ভেক্সক । টিকাকৰণৰ লগতে কৰ’না ৰোগী চিহ্নিত কৰিবলৈ জোৰ দিয়া হৈছে টেষ্টিঙতো । কালি দেশত চাৰি লাখ ৩৩ হেজাৰ ৫৫৯ জনৰ নমুনা পৰীক্ষা কৰা হৈছে ।

Exit mobile version