COVId-19 : শেষ হৈও হোৱা নাই শেষ ! পুনৰ ১১০খন দেশত বৃদ্ধি পাইছে অতিমাৰী, সতর্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

covid testing

সংক্রমণ সাময়িকভাৱে স্তিমিত হ’লেও অতিমাৰীৰ-বিদায় এতিয়াও দূৰত । বৰঞ্চ ক্রমে নতুনকৈ গা কৰি উঠিছে বিশ্বৰ শতাধিক দেশত । এনে পৰিস্থিতিৰ কথা জনাই বিশ্ব স্বাস্থ্য সংস্থাই (হু) কয়, ক’ভিড-১৯ অতিমাৰীয়ে ক্রমাগত নিজকে সলনি কৰিছে আৰু সেয়া মুঠেও শেষ হোৱা নাই ।

হু-ৱে জনাইছে, বিশ্বৰ ১১০খন দেশত কৰ’না সংক্রমণ বাঢ়িছে । হুৰ ডিৰেক্টৰ জেনেৰেল টেড্রছ এডানম গেব্রেয়েছিছয়ে কয়, ‘‘অতিমাৰীয়ে নিজৰ চৰিত্র সলনি কৰি আছে আৰু সেয়া অতিমাৰী শেষ হোৱাৰ লক্ষণ নহয় । কৰ’নাভাইৰাছ চিহ্নিত কৰাৰ ক্ষেত্রত আমাৰ প্রযুক্তি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । ইয়াৰ অর্থ হ’ল, অ’মিক্রনক চিহ্নিত কৰা ক্রমশ আৰু কঠিন হৈ পৰিছে । ফলত, ভবিষ্যতৰ ৰূপৰ পূর্বাভাস দিয়াও কঠিন হৈ পৰিছে ।’’

টেড্রছে জনাইছে, বিএ৪ আৰু বিএ৫ ৰূপৰ ক’ভিড-১৯-ৰ সংক্রমণ ক্রমশ বাঢ়িছে বিশ্বৰ অন্তত ১১০খন দেশত । ইয়াৰ ফলত সমগ্ৰ বিশ্বত সংক্রমণ বাঢ়িছে ২০ শতাংশ । হু-ৰ নির্ধারিত ছটা অঞ্চলৰ ভিতৰত তিনিটাতেই মৃত্যুৰ সংখ্যাও বাঢ়িছে । যদিও ইয়াক সমগ্ৰ বিশ্বৰ নিৰিখত নগণ্য বুলি ধাৰণা কৰা হৈছে ।

অতিমাৰী ৰোধ কৰিবলৈ হু-ৱে ঔষধৰ পৰামৰ্শ‌ও দিছে । বিশ্বৰ সমস্ত দেশক উদ্দেশ্যি গেব্রেয়েছিছৰ বার্তা, অন্তত ৭০ শতাংশ জনসাধাৰণৰ টিকাকৰণ সমাপ্ত কৰিব লাগিব । একমাত্র সেয়া হ’লেহে অতিমাৰী ৰোধ কৰা সম্ভৱ হ’ব ।

Exit mobile version