Maharashtra Political Crisis : আঢ়ৈ বছৰ পাছত পুনৰ মুখ্যমন্ত্রী হ’ব নেকি দেবেন্দ্র ফড়নবীশ ? কেতিয়া ল’ব শপত !

May1 Fadnavis d

মহাৰাষ্ট্রৰ মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিছে শিৱসেনা প্রধান উদ্ধৱ ঠাকৰেয়ে । বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত মুখ্যমন্ত্রীৰ পদ ত্যাগ কৰিছে তেওঁ । উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পাছত ৰাজ্যত ভাৰতীয় জনতা পার্টিৰ (বিজেপি) চৰকাৰ গঠন প্রায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে ।

এক জুলাইত মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিব পাৰে দেবেন্দ্র ফড়নবীশে । অৱশ্যে এই বিষয়ত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই । দেবেন্দ্র ফড়নবীশ মুখ্যমন্ত্রী হ’লে তৃতীয়বাৰ তেওঁ এই পদত অধিষ্ঠিত হ’ব ।

ঠাকৰেয়ে ফেচবুক লাইভৰ মাধ্যমত জনগণক উদ্দেশ্যি ভাষণ দিয়াৰ সময়ত পদত্যাগ দিয়ে । উচ্চতম ন্যায়ালয়ে ৰাজ্য বিধানসভাত তেওঁৰ সংখ্যাগৰিষ্ঠতা প্রমাণৰ বাবে ফ্ল’ৰ টেষ্টৰ নির্দেশ দিয়াৰ কিছুসময় পাছতেই তেওঁ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ দিৰে । তেওঁ জনায় বিধান পৰিষদৰ সদস্য পদৰ পৰাও পদত্যাগ দিছে ।

আনহাতে, দেবেন্দ্র ফড়নবীশে মুম্বাইৰ তাজ হোটেলত মহাৰাষ্ট্র বিজেপিৰ সভাপতি চন্দ্রকান্ত পেটেল আৰু দলৰ অন্যান্য নেতাসকলৰ স’তে এটা দলীয় বৈঠক কৰিছে । ঠাকৰেয়ে বিধান পৰিষদৰ সদস্য পদৰ পৰাও পদত্যাগ দিছে ।

ৰাজ্যপাল ভগত সিং কোশিয়াৰি উদ্ধৱ চৰকাৰক নিজৰ সংখ্যাগৰিষ্ঠতা প্রমাণৰ বাবে ফ্ল’ৰ টেষ্টৰ নির্দেশ দিয়াৰ পাছতেই ভংগ হয় মহা বিকাশ আগাড়ি চৰকাৰ ।

ঠাকৰেয়ে পদত্যাগ দিয়াৰ সময়ত কয় জনসাধাৰণৰ আশির্বাদ আৰু সহযোগিতাত তেওঁ এই পদত আছিল ‌। লগতে তেওঁ এনচিপি প্রধান শৰদ পাৱাৰ আৰু কংগ্রেছ প্রধান ছোনিয়া গান্ধীক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায় ।

Exit mobile version