COVID in North Korea : সীমান্তৰ সিপাৰৰ পৰা উৰি অহা ‘অচিনাক্ত বস্তুৱে’ দেশত ক’ভিড বিয়পাইছে, দাবী কিম জং উনৰ

1656742670 kim

সীমান্তত উৰি আহিছিল ‘অচিনাক্ত বস্তু’ । সেই ‘অচিনাক্ত বস্তু’ৱেই দেশত ক’ভিড সংক্রমণৰ কাৰণ । এই দাবী কৰিলে উত্তৰ কোৰিয়াৰ প্রশাসক কিম জং উনে । দক্ষিণ কোৰিয়াৰ কথা স্পষ্টভাৱে নক’লেও, ক’ভিড সংক্রমণৰ বাবে দক্ষিণ কোৰিয়াই দায়ী বুলি ইংগিত দিলে কিমে ।

কিমৰ দাবী, বছৰৰ পাছত বছৰ ধৰি সীমান্তৰ সিপাৰৰ পৰা বেলুনৰ মাধ্যমত নানা প্ৰকাৰৰ বস্তু উত্তৰ কোৰিয়াৰ সীমান্ত অঞ্চলৰ মানুহৰ তাত পঠায় দিয়ে কিছু স্বেচ্ছাসেৱী সংগঠনে । তাৰ পৰাই দেশত ক’ভিড সংক্ৰমণ হৈছে ।

সেয়ে সীমান্ত অঞ্চলৰ বাসিন্দাসকলক সতর্ক কৰা হৈছে, দক্ষিণ কোৰিয়াৰ পৰা বেলুনত উৰি অহা কোনো বস্তু যেন তেওঁলোকে স্পর্শ নকৰে । কেৱল সেয়াই নহয়, এনে সন্দেহজনক কোনো বস্তু দেখিলেই বাসিন্দাসকলে যেন প্রশাসনক বিষয়টো জনায় । যাতে ক’ভিড নিয়ন্ত্রণৰ বাবে গঠিত দলে সেই ‘অচিনাক্ত বস্তু’টো দ্রুত ধ্বংস কৰিব পাৰে ।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদপত্র কেচিএনএ-ত দাবী কৰা হৈছে, সীমান্ত অঞ্চলত এনে ‘অচিনাক্ত বস্তু’ৰ সংস্পর্শত আহিছিল দুজন ব্যক্তি । তাৰ পাছতেই তেওঁলোক ক’ভিডত আক্রান্ত হয় ।

ক’ভিড সংক্রমণৰ বাবে দক্ষিণ কোৰিয়াক দোষাৰোপ কৰা হয় যদিও, তেওঁলোকে উলোটাই দাবী কৰিছে, কিমৰ দেশৰ অতিমাৰীৰ বাবে দক্ষিণ কোৰিয়া কোনো ভাবেই দায়ী নহয় । বিগত এপ্রিলত অতিমাৰী সংক্রণৰ আৰম্ভণিৰ পৰা এই পর্যন্ত ৪৭ লাখ লোক জ্বৰত আক্রান্ত হৈছে । সন্দেহ কৰা হৈছে তেওঁলোক সকলোৱে ক’ভিডত আক্রান্ত ।

Exit mobile version