Technoblade : কৰ্কট ৰোগত আক্রান্ত হৈ প্রয়াত জনপ্রিয় ইউটিউবাৰ

470613d5d3ad045150cc8c4d61212716 original

দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত হৈ প্রয়াত জনপ্রিয় ইউটিউবাৰ (Youtuber) । মাত্র ২৩ বছৰ বয়সতেই প্রয়াত হ’ল তেওঁ । ইউটিউব ব্যৱহাৰকাৰীসকলৰ মাজত তেওঁ পৰিচিত টেকন’ব্লেড (Technoblade) নামে । তেওঁৰ চেনেলৰ প্রায় ১১ মিলিয়ন ছাবস্ক্রাইবাৰ আছিল । টেকন’ব্লেডৰ পিতৃয়ে ইউটিউবত এটা ভিডিঅ’ পষ্ট কৰি দুঃখবৰটো জনাইছে ।

প্রয়াত জনপ্রিয় ইউটিউবাৰ টেকন’ব্লেড :

কালি জনপ্রিয় ইউটিউবাৰ টেকন’ব্লেডৰ পিতৃয়ে ইউটিউবত এটা ভিডিঅ’ প’ষ্ট কৰিছে, য’ত তেওঁ পুত্ৰৰ মৃত্যুৰ খবৰটো দিছে । প্রিয় ইউটিউবাৰৰ প্রয়াণত শোক প্রকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে । কোনোৱে কমেন্টত লিখিছে, ‘টেকন’ব্লেডৰ মৃত্যু কেতিয়াও নহয় ।’ আকৌ কোনোৱে লিখিছে, ‘তেওঁক কোনেও কেতিয়াও পাহৰিব নোৱাৰিব ।’ টেকন’ব্লেডৰ ইউটিউব একাউন্টত প’ষ্ট কৰা সেই ভিডিঅ’টোৰ ভিউ ইতিমধ্যে চৰি কোটি হৈছে । তথ্য অনুসৰি, টেকন’ব্লেড নামেৰে জনপ্রিয় হয় যদিও যুবকজনৰ প্ৰকৃত নাম এলেক্স । যদিও ২০১৬ত অনুরাগীসকলক এবাৰ নিজৰ নাম ডেভ বুলি কৈছিল তেওঁ ।

ইউটিউব একাউন্টত প’ষ্ট কৰা ভিডিঅ’টোত টেকন’ব্লেডৰ পিতৃয়ে পুত্ৰৰ এটা বার্তা পঢ়ি শুনায় । য’ত টেকন’ব্লেডে অনুৰাগীসকলক উদ্দেশ্যি কয়, ‘হেল্লো সকলোকে । টেকন’ব্লেড আহি গ’ল । যদি তোমালোকে এইটো চাই আছে, তেনেহ’লে গ’ম পাব, মোৰ মৃত্যু হৈছে । বছৰৰ পাছত বছৰ ধৰি মোৰ কনটেন্ট চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ । যদি ম‌ই আৰু এশ বছৰ জীয়াই থাকিলো হয়, তেন্তে ম‌ই টেকন’ব্লেড হৈয়েই থাকিব বিচাৰিলো হয় । যিয়ে মোক জীৱনৰ প্রতিটো মুহূর্ততে সৰ্বাধিক সুখ দিয়ে ।’

প্রায় এটা বছৰ কৰ্কটৰ বিৰুদ্ধে যুঁজ দি প্রয়াত হয় জনপ্রিয় ইউটিউবাৰ টেকন’ব্লেড । বিগত বছৰৰ আগষ্টত এটা ভিডিঅ’ প’ষ্ট কৰি তেওঁ কৰ্কট ৰোগত আক্রান্ত হোৱাৰ খবৰ অনুৰাগীসকলক জনায় । টেকন’ব্লেডৰ প্রয়াণত শোকস্তব্ধ তেওঁৰ অনুৰাগীসকল । পিতৃৰ মাধ্যমত দিয়া তেওঁৰ শেষ বার্তাত চকুলো টুকিছে অনুৰাগীসকলে ।

Exit mobile version