কুলুত ভয়ংকৰ বাছ দুৰ্ঘটনা, শিক্ষাৰ্থীসহ নিহত ১৬

1656909492 kullu

হিমাচল প্রদেশৰ কুলুত সোমবাৰে পুৱা এখন বেচৰকাৰী বাছ খাৱৈত পৰি স্কুলছাত্রসহ ১৬ জন যাত্রীৰ মৃত্যু হৈছে । গাড়ীৰ ছবিত দেখা গৈছে গুৰুতৰভাৱে ক্ষতিগ্রস্ত হৈছে গাড়ীখন ।

কুলুৰ জিলা প্ৰশাসক আশুতোষ গর্গে জনাইছে, পুৱা আঠ বাজি ৩০ মিনিটত বাছখন জংলা গাঁৱৰ কাষত খাৱৈত পৰি যায় । জিলাৰ বিষয়া আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈছে । তেওঁ আৰু জনাইছে, আহতসকলক নিকটৱর্তী হাস্পাতাললৈ লৈ যোৱা হৈছে ।

দুর্ঘটনাৰ সময়ত বাছত প্ৰায় ৪০ জন শিক্ষার্থী আছিল বুলি বিষয়াসকলে জনাইছে ।

দুর্ঘটনাত শোকপ্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । মৃতসকলৰ পৰিজনক দুই লাখ টকাকৈ আর্থিক সাহায্যৰ কথা ঘোষণা কৰিছে প্রধানমন্ত্রীয়ে । আহতসকলৰ বাবে ৫০ হেজাৰ টকাকৈ আর্থিক সাহায্যৰ কথা ঘোষণা কৰা হৈছে ।

Exit mobile version