COVID-19 : ক’ভিড আপডেট

coronavirus covid 19 testing pti

কৰ’না ভাইৰাছক লৈ উদ্বেগ বাঢ়িছে দেশত । দেওবাৰৰ পৰা সপ্তাহৰ প্রথম দিনা দেশত দৈনিক সংক্রমণৰ সংখ্যা সামান্য বাঢ়িল । যদিও দৈনিক মৃত্যুৰ সংখ্যা কিছু কমিছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণলয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ১৬ হেজাৰ ১৩৫ জন । দেওবাৰে এই সংখ্যা আছিল ১৬ হেজাৰ ১০৩ । এদিনত মৃত্যু হৈছে ২৪ জনৰ । দেওবাৰে দৈনিক মৃত্যুৰ সংখ্যা আছিল ৩১ ।

বিগত ২৪ ঘণ্টাত কৰ’নাক পৰাস্ত কৰি সুস্থ হৈছে ১৩ হেজাৰ ৯৫৮ জন । সম্প্ৰতি দেশত সক্রিয় ৰোগীৰ সংখ্যা এক লাখ ১৩ হেজাৰ ৮৬৪ । দৈনিক সুস্থতাৰ হাৰ ৪.৮৫ শতাংশ । দেশত সম্প্ৰতি সুস্থতাৰ হাৰ ৯৮.৫৩ শতাংশ ।

দেশৰ পাঁচ ৰাজ্যৰ সংক্রমণে চিন্তা বঢ়াইছে । কেৰালাত এদিনত আক্রান্ত হৈছে তিনি হেজাৰ ৬৪২ জন । মহাৰাষ্ট্রত সংক্রমিতৰ সংখ্যা দুহেজাৰ ৯৬২ । তামিলনাডুত এদিনত সংক্রমিত হৈছে দুহেজাৰ ৬৭২ জন । পশ্চিমবংগত দেওবাৰে ক’ভিডত আক্রান্ত হৈছে ১৮২২ জন । কৰ্ণাটকত দৈনিক সংক্রমিতৰ সংখ্যা ৮২৬ ।

Exit mobile version