Adani Group : জিঅ’, এয়াৰটেলক প্ৰত্যাহ্বান জনাই এইবাৰ আদানি নামিছে টেলিকম ব্যৱসায়ত : প্ৰতিবেদন

এইবাৰ টেলিকম ব্যৱসায়তো নামিছে আদানি সংস্থা । মুকেশ অম্বানীৰ জিঅ’, সুনীল ভাৰতী মিত্তলৰ এয়াৰটেলক প্ৰত্যাহ্বান দিবলৈ এইবাৰ দৌৰত নামিছে গৌতম আদানি । সূত্রৰ খবৰ, ফাইভজি টেলিকম ব্যৱসায়ত নামিবলৈ প্ৰস্তুত আদানি ।

সংবাদমাধ্যম সূত্রে খবৰ, যোৱা ২৬ জুলাইত ‘এয়াৰৱেভ’ নিলামত অংশ লৈছিল জিঅ’, এয়াৰটেল আৰু ভ’ডাফোন আইডিয়া । ফাইভজি টেলিকম সেৱা আগবঢ়াবলৈ আগ্রহী এই তিনি টেলিকম সংস্থাৰ উপৰিও চতুর্থ এটা সংস্থা আছিল । সেইটো অন্য কোনো নহয়, গৌতম আদানিৰ সংস্থা ।

সূত্রৰ খবৰ, টেলিকম ব্যৱসায়ত নামিবৰ বাবে নেছনেল লং ডিছটেন্স (এনএলডি) আৰু ইন্টাৰনেছনেল লং ডিছটেন্স (এনএলডি) লাইছেন্সো পাইছে আদানিৰ সংস্থাই । যদিও এই বিষয়ত সংশ্লিষ্ট সংস্থাই কোনো বিবৃতি দিয়া নাই ।

প্রসংগত, দেশৰ দুই ধনকুবেৰ ব্যৱসায়ী মুকেশ অম্বানী আৰু গৌতম আদানিয়ে কোনো ব্যৱসায়তেই প্ৰত্যক্ষভাৱে প্রতিদ্বন্দ্বিতাত নমা নাই । দুই গুজৰাটি ব্যৱসায়ীৰ এজনে মূলতঃ তেল-পেট্র’কেমিকেল, টেলিকম আৰু খুচৰা ব্যৱসায়ত নিজকে এক নম্বৰত প্ৰতিষ্ঠিত কৰিছে । আনজনে মূলতঃ কয়লা, বিদ্যুৎ আৰু বিমান ব্যৱসায়ত মনোনিৱেশ কৰিছে । অৱশ্যে টেলিকম ব্যৱসায়ত এইবাৰ প্রতিদ্বন্দ্বী হিচাপে দেখা যাব পাৰে অম্বানী আৰু আদানিক ।

Exit mobile version