Elon Musk : ভুৱা একাউন্টৰ তথ্য দিয়া নাই, বৃহৎ সিদ্ধান্ত, টুইটাৰ ক্ৰয় নকৰে ইলন মাস্কে !

Musk Twitter stake

প্রায় ৪,৪০০ কোটি ডলাৰৰ টুইটাৰ কিনাৰ চুক্তি বাতিল কৰিলে আমেৰিকাৰ ধনকুবেৰ ইলন মাস্কে । বিশ্বৰ ধনীতম ব্যক্তি তথা টেছলাৰ মালিকৰ অভিযোগ, ভুৱা টুইটাৰ একাউন্ট সন্দৰ্ভত কোনো তথ্য তেওঁক দিব পৰা নাই টুইটাৰ সংস্থাই । সেয়ে টুইটাৰ কিনাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ।

বিগত ২৫ এপ্রিলত টুইটাৰৰ মালিকানা পায় মাস্কে । প্রায় ৪,৪০০ কোটি ডলাৰত এই সংস্থাটো ক্ৰয় কৰে তেওঁ । টুইটাৰ কিনিবৰ বাবে বেংকৰ পৰা বিপুল অংকৰ অর্থ ঋণো লয় । এই ঋণ পৰিশোধ কৰিবৰ বাবে শেষ পর্যন্ত তেওঁ কর্মচাৰী ছাটাইৰ পথ অৱলম্বন কৰিব পাৰে বুলি ইংগিত দিছিল । আনকি, খৰচ কমোৱাৰ উদ্দেশ্যে সংস্থাৰ কিছু উচ্চপদস্থ কর্মীৰ বেতনো কমাব পাৰে বুলি তেওঁ ঋণদাতা সংস্থাবোৰক জনাইছিল । কিছুদিন পূৰ্বে টেছলাত পদ আছে বুলি এটা টুইট কৰে মাস্কে ।

এই সন্দৰ্ভত মাস্কৰ অধিবক্তাই জনায়, টুইটাৰক তেওঁলোকৰ প্লেটফর্মত জালি বা স্পেম একাউন্টৰ তথ্য বিচাৰি একাধিক অনুৰোধ সত্ত্বেও তেওঁলোকে কোনো প্রতিক্রিয়া কৰা নাই । সেয়ে এই সিদ্ধান্ত পৰিহাৰ কৰিছে তেওঁলোকে ।

মাস্কৰ এই সিদ্ধান্তত স্বভাৱিকতেই ক্ষুব্ধ টুইটাৰ । সংস্থাৰ চেয়াৰমেন ব্রেট টেইলোৱে জনায়, এই বিষয়ত তেওঁলোকে আইনী পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে । অর্থাৎ, ইয়াৰ ফলত আমেৰিকাৰ ধনকুবেৰ আৰু ১৬ বছৰ পুৰণি ছান ফ্রান্সিছকোৰ সংস্থাৰ মাজত দীর্ঘ আইনী যুঁজলৈ কেৱল সময়ৰ অপেক্ষা বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version