Sri Lanka Crisis : গণবিক্ষোভত উত্তাল শ্রীলংকাত প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ দিলে ৰনিল বিক্রমসিংহে

l48120220709195325

আর্থিকভাৱে জুৰুলা শ্রীলংকাত গণবিক্ষোভ পৰিস্থিতিত প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ দুমাহ পাছতেই পদত্যাগ দিলে ৰনিল বিক্রমসিংহে । শনিবাৰে এটা বিবৃতিত পদত্যাগ দিয়াৰ বিষয়ত ইচ্ছাপ্রকাশৰ কথা জনায় ৰনিলে । তাৰ পাছতেই পদত্যাগ কৰে তেওঁ ।

টুইটাৰত বিক্রমসিংহ‌ই জনাইছে, দেশৰ মানুহৰ সুৰক্ষাৰ্থে সর্বদলৰ চৰকাৰ গঠন কৰিবৰ বাবে, পদত্যাগৰ সিদ্ধান্ত লৈছে । দ্বীপৰাষ্ট্রৰ সংকট নাশ কৰিবলৈ শনিবাৰে সর্বদল বৈঠক আহ্বান কৰিছিল প্রধানমন্ত্রীয়ে ।

বিগত কে’বা মাহ ধৰি আর্থিকভাৱে বিপর্যস্ত শ্রীলংকাত গণবিক্ষোভ চলিছে । বিক্ষোভৰ ফলত আগতেই প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ দিছিল মাহিন্দা ৰাজাপক্ষেয়ে । তেওঁৰ স্থলাভিষিক্ত হৈছিল বিক্রমসিংহ । কিন্তু তাৰ পাছতো শ্রীলংকাৰ সংকটময় পৰিস্থিতি পৰিৱৰ্তন হোৱা নাই । প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী জনাইছে বিৰোধী নেতা সাজিত প্রেমদাসাই ।

Exit mobile version