জালুকবাৰী, গাড়ীগাঁও ঈদ্‌গাহ ময়দানত সমূহীয়া নামাজ সম্পন্ন

বিশ্বৰ ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ্-উজ-আজহা পালন কৰা হৈছে । সমগ্ৰ দেশৰ লগতে অসমতো ঈদ্‌গাহ ময়দান আৰু মছজিদসমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় ।

মহানগৰী গুৱাহাটীৰ জালুকবাৰী আৰু গাড়ীগাঁও ঈদ্‌গাহ ময়দানতো ক’ভিডৰ বাবে দুবছৰ বিৰতিৰ অন্তত পুৱা আঠ বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয় । গাড়ীগাঁও ঈদ্‌গাহ ময়দানত প্ৰায় আঠ হেজাৰৰো অধিক লোকৰ উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয় মছজিদৰ পেছ ইমাম মৌলানা মুফটি মুস্তাফিজুৰ ৰহমানে সমূহীয়া নামাজত ইমামতি কৰে ।

নামাজৰ পূৰ্বে উপস্থিত সকলোকে আদৰণি জনায় গাড়ীগাঁও ঈদ্‌গাহ কমিটীৰ সভাপতি আলহাজ আলতাফ হুছেইনে কোৰবাণী সন্দৰ্ভত চৰকাৰে বান্ধি দিয়া নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায় ।

আনহাতে, জালুকবাৰী ঈদ্‌গাহ ময়দানত প্ৰায় তিনি হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সমূহীয়া নামাজত উত্তৰ জালুকবাৰী এক নং জামে মছজিদৰ ইমাম মৌলানা ৰহুল আমিন আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে ইমামতি কৰে । নামাজৰ পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনাই জালুকবাৰী ঈদ্‌গাহ কমিটীৰ সভাপতি আলহাজ ইব্ৰাহিম আলীয়ে পৱিত্ৰ ঈদ্-উজ-আজহাৰ উদ্দেশ্য বাখ্যা কৰে ।

আনহাতে, সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি সাধাৰণ সম্পাদক আবুল আলীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোৰবাণী সন্দৰ্ভত জনোৱা আহ্বান সকলোৱে মানি চলি সমাজত শান্তি শৃংখলা অটুট ৰাখিবলৈ সকলোকে আহ্বান জনায় । উক্ত অনুষ্ঠানতে কোষাধ্যক্ষ নাছেম আলীয়ে নামাজৰ লগত সংগতি ৰাখি ইমাম, ঈদ্‌গাহ, মছজিদ, কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয় বুলি জানিবলৈ দিয়ে ।

Exit mobile version