Coronavirus : ক’ভিড আপডেট

coronavirus covid 19 testing pti

অনিয়ন্ত্ৰিত ক’ভিড সংক্রমণ । বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ’না আক্রান্ত হ’ল ১৮,২৫৭ জন । ক’ভিডত প্রাণ হেৰুৱাইছে মুঠ ৪২ জনে । দেওবাৰৰ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, দেশত মুঠ কৰ’নাত মৃত্যু হৈছে ৫,২৫,৪২৮-ৰ ।

যোৱা শুকুৰবাৰৰ তুলনাত দৈনিক সংক্রমণ কিছু কমিলেও উদ্বেগ বঢ়াইছে মহাৰাষ্ট্র, তামিলনাডু, দিল্লীৰ দৰে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলে । বিগত ২৪ ঘণ্টাত তামিলনাডুত কৰ’না আক্রান্ত হৈছে ২,৬৭১ জন । কেৱল চেন্নাইতে কৰ’না সংক্রমিত হৈছে ৮৪৪ জন । দিল্লীত বিগত ২৪ ঘণ্টাত কৰ’না আক্রান্ত হৈছে ৫৪৪ জন । মৃত্যু হৈছে দুজনৰ ।

সংক্রমণ বৃদ্ধি পাইছে মহাৰাষ্ট্রত । শনিবাৰে ২,৭৬০ জন কৰ’না আক্রান্ত হৈছে । ইয়াৰে কেৱল মুম্বাইত কৰ’না আক্রান্ত হৈছে ৪৯৯ জন । যদিও মৃত্যুৰ কোনো ঘটনা ঘটাত নাই । ভাৰতত মুঠ কৰ’না সংক্রমিতৰ সংখ্যা হৈছে ১,২৮,৬৯০ । বিগত ২৪ ঘণ্টাত কৰ’না আক্ৰান্ত হৈ সুস্থ হৈছে ১৪,৫৫৩ জন । দেশত কৰ’না সংক্রমণৰ হাৰ সম্প্ৰতি ৩.৩৭ শতাংশ ।

Exit mobile version