Viral : মৎস্য বৃষ্টি ! অদ্ভুত বৰষুণত তিতিল হায়দৰাবাদ

Untitled design 2022 07 07T171538.274 2 1170x658 1

প্ৰবল বৃষ্টিপাত বুজাবলৈ ইংৰাজীত এশাৰী বাক্য ব্যৱহাৰ কৰা হয়— ‘ইটছ ৰেইনিং কেটছ এণ্ড ডগছ’ । কথাষাৰ সাংকেতিক । সঁচাকৈ বৰষুণৰ লগত কুকুৰ মেকুৰীৰ দৰে কোনো জীৱ মাটিত নপৰে । কিন্তু তেলেংগানাত শনিবাৰে বৰষুণৰ টোপালৰ পৰিৱৰ্তে আকাশৰ পৰা পৰিল মাছ । ঘটনাত একপ্ৰকাৰ হতভম্ব তেলেংগানাবাসী । অৱশ্যে মাছ বৃষ্টিত তিতি তেওঁলোকক বাটিত মাছ ধৰাও দেখিবলৈ পোৱা যায় ।

তেলেংগানাৰ জাগিতাল চহৰত ছাইনগৰত শুকুৰ আৰু শনিবাৰে — দুদিন এই মাছ বৃষ্টি হৈছে । অৱশ্যে বতৰ বিজ্ঞানীসকলে জনাইছে বিৰল হ’লেও এই ঘটনা অস্বাভাৱিক নহয় । আকাশৰ পৰা কেৱল মাছে নহয়, ভেকুলী আনকি কেঁকোৰা বৃষ্টিও হ’ব পাৰে ।

https://twitter.com/KP_Aashish/status/1545990086549835778?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1545990086549835778%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fviral%2Fslow-flowing-river-savitri-at-amarnath-becomes-stormy-sea-after-cloud-burst-tragedy-dgtl%2Fcid%2F1355785

দুর্যোগ পৰিস্থিতিত বহু সময়তেই সমুদ্র বা বৃহৎ জলক্ষেত্রৰ পৰা টর্নেড’ৰ দৰে জলস্তম্ভ সৃষ্টি হয় । এই জলস্তম্ভ‌ই জলজ প্রাণীক টানি মেঘৰ ওপৰলৈ লৈ যায় । যি পাছত বৰষুণৰ দৰে সৰি পৰে ।

তেলেংগানাৰ এই বৰষুণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, তাত দেখা গৈছে আকাশৰ পৰা মাছ পৰি মাটিত ধৰফৰাই আছে । সেই মাছ কাঁহীত সংগ্রহো কৰিছে এজন ব্যক্তিয়ে ।

Exit mobile version