Waterfalls : তলত নপৰি ওপৰলৈ উঠি গৈছে জলপ্ৰপাতৰ পানী ! মুগ্ধ কৰিব মহাৰাষ্ট্রৰ এই জলপ্রপাতে

1216796 jharna

জলপ্রপাতত পানী তলত পৰা দৃশ্য দেখাতেই অভ্যস্ত আমি । কিন্তু এনে জলপ্রপাতো আছে যাৰ জলধাৰা তলত নপৰি ওপৰৰ দিশে উঠি যায় ! তেনেকুৱাই এটা জলপ্রপাত আছে মহাৰাষ্ট্রৰ নানেঘাটত । বাৰিষাত এই জলপ্রপাতৰ নান্দনিক দৃশ্যৰ টানত বহু পর্যটক যায় তালৈ ।

প্রবল বৰষুণত উটিছে মহাৰাষ্ট্রৰ বিভিন্ন প্রান্ত‌ । বান পৰিস্থিতি সৃষ্টি হৈছে বহু জিলাত । এনে ভয়ংকৰ পৰিস্থিতিতো ৰাজ্যৰ এই জলপ্রপাতৰ একাংশ দৃশ্য‌ই মন কাঢ়িছে প্রকৃতিপ্রেমীৰ পৰা সাধাৰণ মানুহৰ ।

নানেঘাটৰ এই জলপ্রপাতৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে আইএফএছ বিষয়া সুশান্ত নন্দ‌ই । বতাহৰ প্রচণ্ড গতিয়ে জলধাৰাক তলত পৰাত বাধা দিয়ে । বাধা পাই জলধাৰা আকাশৰ দিশে উঠি যায় । ফলত কুঁৱলীৰ চাদৰ সদৃশ সৃষ্টি হয় অঞ্চলটোত ।

Exit mobile version