Tamil Nadu Minister : জনসভাত মহিলাক আক্ৰমণ মন্ত্রীৰ ! ভিডিঅ’ শ্বেয়াৰ কৰি সকীয়নি বিজেপি নেতাৰ

1657692141 tamilnadu

জনসভাত বক্তৃতা দিবলৈ অহা ৰাজ্যৰ মন্ত্রীক লগ কৰিবলৈ আহিছিল এগৰাকী মহিলা । কিন্তু তেওঁ কথা কোৱা আৰম্ভ কৰোতেই তেওঁৰ মূৰত চৰ সোধায় মন্ত্রীগৰাকীয়ে । তামিলনাডুৰ পালাভান্থামৰ বিৰুধুনগৰৰ জনসভাতে ঘটিল এই ঘটনা । যি ঘটনাৰ কোনো প্রতিবাদ নোহোৱাকৈ চাই থাকিল গাঁৱবাসী । আনকি, দুই-এজনক এই ঘটনাৰ প্রতিক্রিয়াত হাঁহি থকাও দেখা গ’ল !

তামিলনাডুৰ উক্ত মন্ত্রীগৰাকীৰ নাম কেকেএছএছআৰ ৰামাচন্দ্রন । ৰাজ্যৰ শাসক দল ডিএমকেৰ মন্ত্রী তেওঁ । ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ভাৰপ্রাপ্ত । ঘটনাটো এটা ভিডিঅ’ টুইটাৰত প্রকাশ কৰি তামিলনাডুৰ এগৰাকী বিজেপি নেতাই প্রশ্ন কৰিছে, ‘সাধাৰণ মানুহক তেওঁলোকে নকৰ-চাকৰ বুলি ভাবে নেকি ?’ শীঘ্ৰে মন্ত্রীগৰাকীৰ পদত্যাগৰ দাবী কৰি বিজেপিৰ নেতা কে আন্নামালাইয়ে সকীয়নি দিছে, ‘৪৮ ঘণ্টাৰ ভিতৰত মন্ত্রীগৰাকীয়ে পদত্যাগ নকৰিলে তেওঁক তেওঁৰ বাসগৃহতেই ঘেৰাও কৰিব তামিলনাডুৰ বিজেপি-য়ে ।’

বিতর্কিত ভিডিঅ’টোত দেখা গৈছে, এটা জনসভাৰ মঞ্চৰ সন্মুখত জনতাবেষ্টিত হৈ আছে মন্ত্রী ৰামাচন্দ্রন । তেওঁ পাছফালৰ এজন ব্যক্তিৰ লগত কথা পাতি আছিল । ঠিক সেই সময়তেই তেওঁৰ সন্মুখত আহি কিবা ক’ব বিচাৰে মহিলাগৰাকীয়ে । কিন্তু তেওঁ কথা কোৱা আৰম্ভ কৰোতেই মন্ত্রীগৰাকী বিৰক্ত হৈ তেওঁৰ ফালে চাই হাতত থকা কাগজেৰে মহিলাগৰাকীৰ মূৰত আঘাত কৰে । ভিডিঅ’টো মহিলাগৰাকীৰ নিৰাপত্তাজনিত কাৰণত এই প্রতিবেদনত ব্যৱহাৰ কৰা হোৱা নাই ।

মন্ত্রীৰ এনে আচৰণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই তীব্র সমালোচনা আৰম্ভ হৈছে । যদিও তামিলনাডুৰ শাসকদল ডিএমকে অথবা মন্ত্রীগৰাকীয়ে এই ঘটনাত কোনো প্রতিক্রিয়া জনোৱা নাই ।

Exit mobile version