Daler Mehndi : ১৯ বছৰ আগৰ মানৱ সৰবৰাহ গোচৰত দুবছৰ কাৰাদণ্ড গায়ক ডালেৰক

Daler Mehndi buys land on Metaverse names it ‘Balle Balle Land

বিপাকত সংগীতশিল্পী ডালেৰ মেহেন্দি । ২০০৩ৰ মানৱ সৰবৰাহ গোচৰত গায়কজনক দুবছৰৰ কাৰাদণ্ডৰ নির্দেশ দিলে আদালতে । সংবাদ সংস্থা সূত্রে খবৰ, ইতিমধ্যে আদালতৰ নির্দেশত গ্রেপ্তাৰ কৰা হৈছে ডালেৰক ।

১৯ বছৰ আগৰ মানৱ সৰবৰাহৰ গোচৰত ২০১৮ত নিম্ন আদালতৰ নির্দেশতেই বৃহস্পতিবাৰে বাহাল ৰাখিলে পটিয়ালা আদালতে । ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ১২০বি, ৪৬৫, ৪৬৮, ৪৭১ ধাৰাত ডালেৰক দোষী সাব্যস্ত কৰা হৈছে ।

ডালেৰৰ ট্রুপৰ স’তে অনুষ্ঠান কৰিবলৈ বিদেশত লৈ যোৱাৰ টুপ দি লক্ষাধিক টকা লোৱাৰ অভিযোগ উঠে তেওঁৰ ভাতৃ সামশেৰ মেহেন্দিৰ বিৰুদ্ধে । ঘটনাত নাম সাঙুৰ খাই পৰে ডালেৰৰো । ২০০৩ত তেওঁৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হয় । অভিযোগকাৰী বকশিস সিঙে দাবী কৰিছিল, অনুষ্ঠান কৰিবলৈ বিদেশত লৈ যোৱাৰ বাবে যি চুক্তি হৈছিল, সেয়া কেতিয়াও বাস্তৱায়িত হোৱা নাই । অভিযুক্তসকলে টকাও উভতাই নিদিয়ে ।

ডালেৰ, তেওঁৰ ভাতৃসহ আৰু দুজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয় । ২০১৭ৰ অক্টোবৰত মৃত্যু হয় সামশেৰৰ । ২০১৮ত ডালেৰক এই গোচৰত দোষী সাব্যস্ত কৰা হয় । পাছত জামিনত মুক্তি পায় ।

Exit mobile version