Monkeypox : এইবাৰ ভাৰতত মাংকিপক্স ! বিদেশত ৰোগীৰ সংস্পর্শত থকা এজন ব্যক্তিৰ শৰীৰত দেখা দিলে উপসৰ্গ

বিদেশৰ পৰা সদ্য দেশত উভতি অহা এজন ব্যক্তিৰ শৰীৰত মাংকিপক্সৰ উপসর্গ দেখা গৈছে । তেওঁ কেৰালাৰ বাসিন্দা । কেৰালা প্রশাসনৰ তৰফৰ পৰা তেওঁক হাস্পাতালত ভর্তি কৰি, তেওঁৰ শাৰীৰিক নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নেছনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিত ।

বিদেশত মাংকিপক্সৰ কে’বাটাও ঘটনা ধৰা পৰাৰ পাছত ভাৰততো সৃষ্টি হৈছে মাংকিপক্স আতংক । কেৰালাৰ স্বাস্থ্য মন্ত্রী বীণা জর্জে অৱশ্যে জনাইছে, ৰোগীজন মাংকিপক্সত আক্রান্ত হয় নে নহয়, সেয়া পৰীক্ষৰর ফলাফল প্রকাশ হ’লেহে জানিব পৰা যাব । অৱশ্যে বীণাই এয়াও জনায় যে, ব্যক্তিজন বিদেশত এজন মাংকিপক্স ৰোগীৰ ঘনিষ্ঠ সংস্পর্শত আছিল বুলি খবৰ আছে প্রশাসনৰ তাত ।

মাংকিপক্স সংক্রামক ৰোগ বুলি জনাইছে বিশেষজ্ঞসকলে । বিশ্ব স্বাস্থ্য সংস্থা ‘হু’-ৱে দিয়া সংজ্ঞা অনুযায়ী মাংকিপক্স হ’ল এনে এটা ভাইৰাছ, যি মানৱদেহত সংক্রমিত হৈছে চাৰিঠেঙীয়া জীৱ-জন্তুৰ পৰা । ইয়াৰ উপসর্গৰ স্মলপক্সৰ স’তে মিল আছে । অৱশ্যে মাংকিপক্সৰ প্রভাৱ স্মলপক্সৰ দৰে সিমান মাৰাত্মক নহয় বুলি জনাইছে বিশেষজ্ঞসকলে ।

Exit mobile version