ধূলি-এলান্ধুৱে ছানি ধৰিছে নুমলীগড়, যমৰ যাতনা ভুগিছে জনসাধাৰণে

ৰাইজক সমস্যাৰ পৰা মুক্তি দিবৰ বাবে ভুক্তভোগী জনসাধাৰণৰ আহ্বান

WhatsApp Image 2022 07 16 at 6.45.02 PM

গোলাঘাট জিলাৰ ৩৯ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল হৈছে ব্যস্ত নুমলীগড় তিনিআলি । এই নুমলীগড় তিনিআলিৰেই চলে উজনি-নামনিকে ধৰি নগালেণ্ড-মণিপুৰৰে স্থলমাৰ্গৰ যোগাযোগ । কিন্তু, অসমৰ অতিকৈ গুৰুত্বপূৰ্ণ দুই ঘাইপথৰ সংযোগস্থলৰ বৰ্তমানৰ অৱস্থাই পথচাৰিৰ লগতে নুমলীগড়ৰ ক্ষুদ্ৰ ব্যৱসায়ী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু নুমলীগড়ৰ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰিছে । ঘন ধূলি-এলান্ধুৱে আগুৰি ধৰা নুমলীগড়ত কোনো লোকেই গাড়ীৰ পৰা নামি আহিব নোখোজে । কাৎচিত কোনোবা নামি আহিলেও কোনো দোকানত তামোল-চাহ খাব নিবিচাৰে; কেৱল এই ধূলিৰ বাবেই । এই ক্ষেত্ৰত নুমলীগড়ৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী যুগলে জনোৱা মতে বৰ্তমান এই ধূলিৰ বাবেই ব্যৱসায়ৰ মন্দাৱস্থা চলিছে । কোনো বস্তু আনি থ’লেও ধূলিময় হৈ পৰে । ইয়াৰ পাছত গ্ৰাহকে ক্ৰয় কৰিব নিবিচাৰে ।

ADVERTISEMENT

তদুপৰি, যুগলে প্ৰকাশ কৰা অনুসৰি বহু খাদ্য সামগ্ৰী ধূলিময় হৈ নষ্টও হয় । ফলশ্ৰুতিত বহু লোকচানৰ সন্মুখীন হ’ব লগা হৈছে । আনহাতে, স্থানীয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, নুমলীগড় বালিকা মধ্য ইংৰাজী বিদ্যালয়, নুমলীগড় ফুটবল একাডেমী আদিলৈ দৈনিক আহিব লগা শিক্ষাৰ্থীসকলেও নুমলীগড় তিনিআলিৰ ধূলিয়ে ক্ষতিগ্ৰস্ত কৰাৰ কথা প্ৰকাশ কৰিছে । ইপিনে, এই ধূলিময় পৰিৱেশৰ কাৰণে স্থানীয় বহু লোকে এলাৰ্জি তথা হাওফাউৰ ৰোগত আক্রান্ত হ’ব লগাতো পৰিছে।

উল্লেখ্য যে চাৰিলেনযুক্ত পথ নির্মাণকাৰী সংস্থা এন এইচ আই ডি চি এলে নিৰ্মাণ কাৰ্য চলোৱাৰ উদ্দেশ্যে তিনিআলিত কেতবোৰ কাৰ্য সম্পাদন কৰিছে । আজি বছৰৰ পাছত বছৰ বাগৰি গৈছে; অথচ পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাগৈ নাই । ইয়াৰ ফলশ্ৰুতিত নুমলীগড় তিনিআলিৰ আকাশ-বতাহ ক’লা ধোঁৱা সদৃশ ধূলি আৰু এলান্ধুৱে আগুৰি ধৰিছে । এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাইজক সকাহ দিবৰ বাবে ভুক্তভোগী জনসাধাৰণে আহ্বান জনাইছে ।

Exit mobile version