President Election : ৰাষ্ট্রপতি নির্বাচনত বিৰোধী প্রার্থী যশৱন্ত সিন্‌হাক সমর্থন কেজৰীৱাল চৰকাৰৰ

1657960744 yashwant kejri

ৰাষ্ট্রপতি নির্বাচনত বিৰোধীসকলৰ প্রার্থী যশৱন্ত সিন্‌হাক সমর্থন কৰিব আম আদমি পার্টিয়ে (আপ) । শনিবাৰে জনাই দিলে দলৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে । তেওঁ কয়, ‘‘দ্রৌপদী মুর্মুৰ প্রতি আমাৰ শ্রদ্ধা আছে । কিন্তু আমি যশৱন্ত সিন্‌হাজিকেই সমর্থন কৰিম ।’’

১৮ জুলাইত ৰাষ্ট্রপতি নির্বাচন । এই বিষয়ত শনিবাৰে আপৰ ৰাজনৈতিক বিষয়ক কমিটী বৈঠকত বহে । বৈঠকত আছিল দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱাল, দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিসৌদিয়া, সঞ্জয় সিং, পঞ্জাৱৰ সাংসদ ৰাঘৱ চড্ডা, দিল্লীৰ বিধায়ক অতীশীসহ কমিটীৰ সদস্যসকল । বৈঠকৰ পাছত এই সিদ্ধান্ত ঘোষণা কৰা হয় দলৰ তৰফৰ পৰা ।

বিজেপি আৰু কংগ্রেছৰ পাছত একমাত্র আপেই দেশত এটা কেন্দ্রশাসিত অঞ্চল আৰু এখন ৰাজ্যত চৰকাৰ গঠন কৰিছে । দিল্লী আৰু পঞ্জাৱত ক্ষমতাত আছে কেজৰীৱালৰ দল । দুটা স্থানৰ পৰা ১০ জন ৰাজ্যসভাৰ সাংসদ আছে দলৰ । তিনিজনেই দিল্লীৰ । দেশত আপৰ মুঠ বিধায়কৰ সংখ্যা ১৫৬ । ইয়াৰ ভিতৰত ৯২ জন পঞ্জাৱৰ, ৬২ জন দিল্লীৰ আৰু দুজন গোৱাৰ ।

সেয়ে ৰাষ্ট্রপতি নির্বাচনত আপৰ দৰে দলৰ বিজেপি-বিৰোধী প্রার্থীক সমর্থন যথেষ্ট গুৰুত্বপূর্ণ । আপৰ আগতে মমতা বন্দোপাধ্যায়ৰ তৃণমূল আৰু কেচিআৰৰ দল তেলংগানা ৰাষ্ট্র সমিতি (টিআৰএছ) যশৱন্ত সিন্‌হাক সমর্থনৰ কথা ঘোষণা কৰিছে ।

আনহাতে, বিজেপি নেতৃত্বাধীন এনডিএ-ৰ ৰাষ্ট্রপতি প্রার্থী দ্রৌপদী মুর্মুক সমর্থনৰ কথা ঘোষণা কৰিছে নবীন পট্টনায়কৰ বিজেডি, জগন্মোহনৰ ৱাইএছআৰ কংগ্রেছ, মায়াৱতীৰ বিএছপি, এআইএডিএমকে, টিডিপি, জেডিএছ, শিৰোমণি অকালি দল আৰু শিৱসেনা । সেয়ে ৬০ শতাংশ ভোট দখল কৰিছে দ্রৌপদীয়ে । মনোনয়ন জমা দিয়াৰ সময়তেই ৫০ শতাংশ ভোট আছিল তেওঁৰ দখলত । দ্রৌপদী জয়ী হ’লে তেঁৱেই হ’ব দেশৰ প্রথম আদিবাসী মহিলা ৰাষ্ট্রপতি ।

Exit mobile version