Sri Lanka Economic Crisis : আলুৰ কেজি ৪৩০ ৰুপি, ডালি ৬২০, শ্রীলংকাৰ বজাৰদৰত ‘জুই’ !

a1205325cdb1d49d185af8b8cccd2992 original

আলুৰ দাম ৪৩০ শ্রীলংকাৰ ৰুপি প্রতি কেজি ! ভয় খালে নেকি ? ভাৰতত নহয়, আলুৰ এই বজাৰদৰ বেহাল অর্থনৈতিক পৰিস্থিতিৰ চাপত বিধ্বস্ত শ্রীলংকাত । এই বিপুল পৰিমাণ দাম দিয়েই নিত্যপ্রয়োজনীয় খাদ্যশস্য আৰু পাচলি ক্ৰয় কৰি খাবলগীয়া হৈছে সেই দেশৰ জনসাধাৰণে । পূৰ্বৰ দামৰ তুলনাত বর্তমান দামত আকাশ-পাতাল পাৰ্থক্য ।

২০১৯-ৰ নৱেম্বৰত বিভিন্ন পণ্যৰ যি দাম আছিল, মাত্র আঢ়ৈ বছৰৰ ব্যৱধানত এয়া হৈছে আকাশলংঘী । অৱশ্যে আটাইতকৈ বৃদ্ধি পাইছে ডালিৰ দাম । প্রায় ৪১৭ শতাংশ ! পূৰ্বে শ্রীলংকাৰ মুদ্রাত প্রতি কেজি ডালিৰ দাম আছিল ১২০ ৰুপি (শ্রীলংকাৰ মুদ্রাত) । এতিয়া এই দাম বাঢ়ি হৈছে ৬২০ ৰুপি । পূৰ্বে আলুৰ দাম আছিল ২৪০ ৰুপি । এতি‌য়া সেয়া ৭৯ শতাংশ বাঢ়ি হৈছে ৪৩০ ৰুপি । ব্যাপক হাৰত বাঢ়িছে নিত্যব্যৱহার্য চেনিৰ দামো । ১০০ ৰুপিৰ পৰা বাঢ়ি হৈছে ৩৪০ ৰুপি প্রতি কেজি । চাউলৰ দাম বাঢ়িছে ১৪৪ শতাংশ । ৯০ৰ পৰা বাঢ়ি হৈছে ২২০ ৰুপি । ইয়াৰ উপৰি উল্লেখযোগ্যভাৱে বাঢ়িছে মাছ, কেঁচা জলকীয়া, নাৰিকল তেল, নাৰিকলসহ একাধিক পণ্যৰ দাম । অৱশ্যে পূৰ্বৰ তুলনাত দাম কমিছে পিয়াঁজৰ ।

প্রসংগত, অর্থনৈতিক সংকটৰ স’তে যুঁজ দিছে শ্রীলংকাৰ মানুহে । ইয়াক লৈ সেই দেশৰ বাসিন্দাসকলৰ মাজত ৰোষৰ জুই উমি উমি জ্বলিছিল । সম্প্রতি ই বাঢ়ি দাবানলৰ আকাৰ লৈছে । জনগণৰ বিক্ষোভৰ সন্মুখত হাৰ মানি ইতিমধ্যে দেশ ত্যাগ কৰি পলায়ন কৰিছে প্রাক্তন ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষ‌ই । দেশ এৰাৰ পাছত ইমেইল কৰি পদত্যাগপত্র প্ৰেৰণ কৰিছিল তেওঁ ।

ভাৰতত মূল্যবৃদ্ধিক লৈ দেশৰ বিভিন্ন মহল বাৰে বাৰে চৰকাৰৰ সমালোচনাত মুখৰ হৈছে । অৱশ্যে শ্রীলংকাৰ বর্তমান বজাৰদৰ দেখিলে তেওঁলোকৰো চকু কপালত উঠিব । বিভিন্ন সামগ্ৰীৰ বজাৰদৰ দেখিলে এয়াও বুজিব পৰা যায় যে, কেনেকুৱা ভয়ংকৰ অর্থনৈতিক পৰিস্থিতিৰ সন্মুখীন হৈছে শ্রীলংকাৰ লোক ।

Exit mobile version