বৰষুণৰ অভাৱত গোৱালপাৰাৰ খেতি-পথাৰত চিৰাল ফাঁট : কৃষকৰ মাজত হাহাকাৰ

WhatsApp Image 2022 07 17 at 7.31.03 PM

বতৰৰ প্ৰতিকুল প্ৰভাৱৰ বাবেই সম্প্রতি গোৱালপাৰা জিলাৰ খেতি-পথাৰ সমূহত চিৰাল ফাঁট মেলাত কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিশেষকৈ এফালে চলা অত্যাধিক খৰাং পৰিস্থিতি আৰু আনফালে বৰষুণৰ অভাৱত খেতি-পথাৰ সমূহত পানী জমা নথকা বাবেই চিৰাল ফাঁট মেলিছে ।

উল্লেখ্য যে কৃষিপ্ৰধান জিলাখনৰ ৰাইজে বিশেষকৈ শালি ধানৰ খেতিক অগ্রাধিকাৰ দি আহিছে । ইপিনে, যোৱা মাহত হোৱা প্ৰচুৰ বৰষুণৰ ফলত পানীৰ তলত বুৰ গৈছিল গোৱালপাৰাৰ খেতি-পথাৰ সমূহ । কিন্তু কঠিয়া ৰোৱাৰ উপযুক্ত সময় হৈছে যদিও এতিয়া খৰাং পৰিস্থিতিয়ে কৃষক ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে ।

উল্লেখ্য যে গোৱালপাৰা জিলাত থকা জলসিঞ্চন আঁচনিসমূহ কেৱল কাগজে-কলমেহে চলিছে । জিলাখনৰ অধিকাংশ জলসিঞ্চন আঁচনি বিকল হৈ থকাৰ বাবে একাংশ স্বচ্ছল কৃষকে ব্যক্তিগতভাৱে শ্বেলো পাম্প বহুৱাই খেতি-পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছে । কিন্তু সাম্প্ৰতিক খৰাং পৰিস্থিতিৰ বাবে শ্বেলো পাম্পসমূহত পানী নুঠাৰ বাবে বিপাঙত পৰিছে খেতিয়কসকল ।

ওৰে বছৰটো পৰিয়াল পোহপাল দিয়াৰ বাবে মূৰৰ ঘাম মাটিত পেলাই কঠোৰ পৰিশ্ৰম কৰি কঠিয়া পেলাইছিল যদিও আজি কিছুদিনৰ পৰা খৰাং হোৱাৰ বাবে কঠিয়া মৰহি যোৱাৰ উপক্ৰম হৈছে । তদুপৰি কৃষকসকলে পানীৰ অভাৱত বহু খেতিত এতিয়ালৈকে কঠিয়া পেলাব পৰা নাই ।

কেৱল কঠিয়াতলিতে নহয় খেতি-পথাৰ সমূহত পানী শুকাই চিৰাঁল ফাট মেলাৰ বাবে পথাৰ সমূহত হাল বাই প্ৰস্তুত কৰিব পৰা নাই । এতিয়া কৃষকসকলে এক প্ৰকাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে ।কেৱল কঠিয়াৰ ক্ষেত্ৰতে নহয় পানীৰ অভাৱত জিলাখনৰ বিভিন্ন প্ৰান্তত শাক-পাচলিৰ খেতিসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে‌ ।

এফালে, বানপানীৰ তাণ্ডৱ আনফালে পানীৰ অভাৱত খেতিত চিৰাঁল ফাট মেলাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । সেয়ে অতি শীঘ্ৰে গোৱালপাৰা জিলাত থকা জলসিঞ্চন আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কৃষক ৰাইজে দাবী জনাইছে ।

Exit mobile version