গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাৰ মাতৃৰ দেহাৱসান

WhatsApp Image 2022 07 19 at 8.11.06 PM

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ বিষয়ববীয়া, তথা সমাজ সংগঠক দিগন্ত কুমাৰ ভূঞাৰ মাতৃ হেমলতা (৭৬) ভূঞাৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১৬ জুলাইত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থাত ভুগি থকা হেমলতা ভূঞাক পৰিয়ালৰলোকে ১৫ জুলাইত চিকিৎসালয়খনত ভৰ্তি কৰাইছিল । পৰৱৰ্তী সময়ত তেওঁক স্বাস্থ্য পৰীক্ষা কৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে । চিকিৎসকে আই-চি-ইউত ভৰ্তি কৰাইছিল যদিও মৃত্যু হয়‌ ।

উল্লেখ্য যে এগৰাকী ধৰ্মপ্ৰাণ মহিলা হিচাপে পৰিচিত মাতৃগৰাকীয়ে স্বাস্থ্য সেৱাৰ দৰে মহান সেৱাত জড়িত আহিছিল । সাংবাদিক ভূঞাৰ মাতৃৰ মৃত্যুত অসম ৰাজ্যিক সাংবাদিক সন্থা, অসম সাহিত্য সভা, জিলা সাহিত্য সভা, গোলাঘাট প্ৰেছ ক্লাৱ, জিলা ছাত্ৰ সন্থা, জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদ, কবি সন্মিলন, মৰঙী প্ৰেছ ক্লাৱ, বিধায়ক বিশ্বজিত ফুকন, বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা আদিয়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী-কন্যা-নাতি তথা বহু আত্মীয়ক এৰি গৈছে ।

Exit mobile version