Emergency Teaser : এইবাৰ ইন্দিৰা গান্ধীৰ ভূমিকাত কংগনা ৰণৌত, প্রকাশ্যত ‘ইমার্জেন্সি’ৰ টিজাৰ

FEATURE Kangana Ranaut 929x531 1

ইন্দিৰা গান্ধীৰ (Indira Gandhi) ভূমিকাত এইবাৰ কংগনা ৰণৌত (Kangana Ranaut) । তেওঁৰ আগন্তুক ছবি ‘ইমার্জেন্সি’-ৰ (Emergency) ফাৰ্ষ্ট লুক টিজাৰ (first look teaser) শ্বেয়াৰ কৰিলে অভিনেত্রীগৰাকীয়ে ।

পর্দাত এইবাৰ ‘জৰুৰী অৱস্থা’

১৯৭৫ৰ ২৫ জুন । দেশজুৰি ঘোষিত হয় জৰুৰী অৱস্থা (emergency) । ইয়াৰ পাছৰ ২১ মাহ ভাৰতজুৰি স্থায়ী হৈছিল সেই অৱস্থা । এইবাৰ এই সমগ্ৰ সময়খিনিয়ে পর্দাত দাঙি ধৰিব অভিনেত্রী কংগনা ৰণৌতে । সূত্রৰ খবৰ, ইয়াৰ লগতে ‘অপাৰেছন ব্লু ষ্টাৰ’-ৰ (Operation Blue Star) কাহিনীও দাঙি ধৰা হ’ব ছবিখনত ।

ছবিৰ নাম ‘ইমার্জেন্সি’ । ছবিখনত মুখ্য চৰিত্রত অভিনয়ৰ লগতে ছবিৰ পৰিচালনাৰ দায়িত্বও তেওঁৰ । প্রযোজকো তেঁৱেই ।

আজি টিজাৰ প’ষ্ট কৰি কেপছনত অভিনেত্রীয়ে লিখে, ‘সেই মহিলাগৰাকীক (Her) আগবঢ়ালো যাক ‘ছাৰ’ (Sir) বুলি কোৱা হৈছিল । শ্বুট আৰম্ভ হ’ল ।’

বৃহস্পতিবাৰে, ছবিৰ প্রথম লুক আহিল প্রকাশ্যত । ইন্দিৰা গান্ধীৰ ভূমিকাত দৃষ্টি আকৰ্ষণ কৰিলে কংগনাই । ‘মনিকর্ণিকা’ৰ (Manikarnika) পাছত এইটো তেওঁৰ পৰিচালনাত দ্বিতীয়খন ছবি । ‘ইমার্জেন্সি’ৰ শ্বুটিং আৰম্ভ হৈছে ইতিমধ্যে ।

Exit mobile version