গোপন সূত্রে পঞ্জাৱ আৰক্ষীয়ে খবৰ লাভ কৰিছিল অমৃতসৰৰ আটাৰিত চিচা ভাকনা গাঁৱত আত্মগোপন কৰি আছে পঞ্জাৱী গায়ক সিধু মুছেৱালাৰ হত্যাত অভিযুক্ত দুই গেংষ্টাৰ ৰূপা আৰু মুন্না কুছা ।
সেই খবৰ লাভ কৰিয়েই বুধবাৰে পুৱতি নিশাই গাঁওখনত গৈছিল পঞ্জাৱ আৰক্ষীৰ দুষ্কৃতী দমন শাখাৰ এটা দল । সমগ্ৰ গাঁও ঘেৰাও কৰি তালাচী চলোৱাৰ সময়ত দুই গেংষ্টাৰে আৰক্ষীক লক্ষ্য কৰি গুলি চালনা কৰে । আৰক্ষীয়েও ওলোটাই গুলি চালনা কৰে ।
দুয়োপক্ষৰ মাজত কে’বা জাঁই গুলিৰ সংঘর্ষ হয় । আৰক্ষী সূত্রে খবৰ, সংঘর্ষত মৃত্যু হৈছে এজন গেংষ্টাৰৰ । আৰক্ষীয়ে জনাইছে, মুন্না কুছাই মুছেৱালাৰ ওপৰত একে-৪৭ৰে আক্ৰমণ কৰিছিল । মুছেৱালাৰ হত্যাৰ পাছৰ পৰাই অন্তৰ্ধান হৈ আছিল মুন্না আৰু ৰূপা । আন এজন গেংষ্টাৰ দীপক মাণ্ডি এতিয়াও পলাতক ।
মুছেৱালাৰ হত্যা কাণ্ডত জড়িত দিল্লী, পঞ্জাৱ আৰু মুম্বাই আৰক্ষীৰ হাতত এই পর্যন্ত কে’বাজনো গ্রেপ্তাৰ হৈছে । গেংষ্টাৰ গ’ল্ডি ব্রাৰ আৰু বিষ্ণ’ই লৰেন্সৰ স’তে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছিল । গ’ল্ডি ব্রাৰৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে । লৰেন্স দিল্লীৰ তিহাড় জেলত বন্দী ।
যোৱা ২৯ মে’ত মানসা যোৱাৰ পথত মুছেৱালাৰ ওপৰত আক্ৰমণ চলায় দুষ্কৃতীকাৰীয়ে । সেই ঘটনাত মৃত্যু হয় পঞ্জাৱী গায়কজনৰ ।