এ এছ টি চিত নিয়ম উলংঘাৰে ২,২৭৪ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিৰ তদন্ত আৰম্ভ

5regBus1

মন্ত্ৰী চন্দমোহন পাটোৱাৰীৰ আমোলত ৰাজ্যৰ পৰিবহণ বিভাগটোত স্বজন-তোষণ আৰু ৰাজনৈতিক প্ৰভাৱেৰে চলা নিযুক্তিৰ তথ্য বিভাগীয় পৰ্যালোচনা বৈঠকত উন্মোচিত হৈছে । তেনে নিযুক্তিৰ অভিযোগৰ ভিত্তিতে অসম ৰাজ্যিক পৰিবহণ নিগমত ২,২৭৪ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্ত তদন্ত আৰম্ভ হৈছে । যোৱা ২৭ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । এই পৰ্যালোচনাত পোহৰলৈ আহে যে ৰাজ্যিক পৰিবহণ নিগমৰ বিভিন্ন পদত ২,২৭৪ জন ঠিকাভিত্তিক কৰ্মচাৰী আছে ।

উত্থাপিত অভিযোগ অনুসৰি নিয়োগ প্ৰক্ৰিয়াৰ কোনো নীতি-নিয়ম নমনাকৈ এইসকলক নিযুক্তি দিয়া হৈছিল । সেয়েহে মুখ্যমন্ত্ৰীয়ে ৬০ দিনৰ ভিতৰত এই অভিযোগৰ তদন্তৰ নিৰ্দেশ দিয়ে । যদিহে তদন্তত অভিযোগৰ সত্যতা প্ৰমাণিত হয় তেন্তে সেই সময়ত দায়িত্বত থকা নিগমৰ পৰিচালন সঞ্চালকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে বিভাগীয় নিয়ম অনুসৰি অন্যান্য শাস্তমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে ।

Exit mobile version