বৰপেটাৰ কালাইৰদিয়াত পুখুৰীত বিষ দি লক্ষাধিক টকাৰ মাছ নিধন দুৰ্বৃত্তৰ

মূৰে-কপালে হাত দিছে মৎস্য পালকজনে

IMG 20220721 WA0029

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰদিয়া গাঁৱত এগৰাকী মৎস্য পালকৰ পুখুৰীত বিষ দি প্ৰায় লক্ষ্যাধিক টকাৰ মাছ নিধন কৰা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে, গাঁওখনৰ মৎস্য পালক জব্বেৰ আলীৰ বৃহৎ পুখুৰীত অচিনাকী দুৰ্বৃত্তই বিষাক্ত দ্ৰব্য তথা বিষ ঢালি দিয়াৰ বাবে অস্বাভাৱিক হাৰত মৃত্যু হৈছে শতাধিক মাছৰ । যোৱা এসপ্তাহ ধৰি পুখুৰীত আৰম্ভ হৈছে মাছৰ নিধন প্ৰক্ৰিয়া । প্ৰতিদিনে পুখুৰীটোত উপঙি থকা দেখা যায় শ শ সৰু-বৰ মাছ । দুৰ্বৃত্তৰ এনে কাণ্ডৰ বাবেই পুখুৰীত দোমে দোমে মৰিছে বৃহৎ পৰিমাণৰ মাছ ।

দীৰ্ঘদিন ধৰি মৎস্য পালনত জড়িত লোকজনৰ পুখুৰীত বিষ দি লক্ষাধিক টকাৰ মাছ নিধন হোৱাত মূৰে-কপালে হাত দিছে ব্যক্তিগৰাকীয়ে । মৃত্যু হোৱা মাছৰ ভিতৰত ৰৌ, চান্দা, বাটা, মিৰিকা, ছিলভাৰ আদি প্ৰজাতিৰ মাছ আছে । ইফালে, মাছৰ অস্বাভাৱিক মৃত্যুৰ পাছতে দুৰ্গন্ধই ছানি ধৰিছে অঞ্চলটো ।

Exit mobile version