COVID-Monkeypox : যুতিয়া ভাইৰাছৰ আক্ৰমণ ! এয়ে প্রথম একেলগে ক’ভিড-মাংকিপক্সত আক্রান্ত এজন

কৰ’না ভাইৰাছৰ প্ৰকোপ এতিয়াও অব্যাহত আছে । তাৰ মাজতেই বাহৰ পাতিছে মাংকিপক্সে । যুতিয়া ভাইৰাছৰ প্ৰকোপত উদ্বেগজনক পৰিস্থিতি বিশ্বৰ বিভিন্ন প্রান্তত । এই প্রেক্ষাপটত এইবাৰ একেলগে ক’ভিড আৰু মাংকিপক্সত সংক্রমিত হ’ল এজন লোক । এয়ে প্রথম এই ধৰণৰ ঘটনা প্রকাশ্যত আহিল ।

তথ্য অনুসৰি, মিচো থম্পছন নামে কেলিফ’র্নিয়াৰ এজন বাসিন্দাৰ শৰীৰত একেলগে ক’ভিড আৰু মাংকিপক্সৰ ভাইৰাছ পোৱা গৈছে । জুনৰ শেষৰফালে ব্যক্তিজন কৰ’নাত সংক্রমিত হয় । কিছুদিন পাছতেই ব্যক্তিজনে লক্ষ কৰে, তেওঁৰ পিঠি, ভৰি, ডিঙিত ক্ষতচিহ্ন আছে । পৰীক্ষা কৰাৰ পাছত চিকিৎসকসকলে জনায়, তেওঁ মাংকিপক্সত আক্রান্ত হৈছে ।

উল্লেখ্য, কৰ’না অতিমাৰী পৰিস্থিতি সামান্য সুস্থিৰ হ’লেও এতিয়াও বিশ্বৰ বিভিন্ন দেশত ভাইৰাছৰ উপপ্রজাতিৰ সংক্রমণ ঘটিছে । তাৰ ফলত আক্রান্ত ব্যক্তিৰ সংখ্যা কোনো কোনো ঠাইত পুনৰ বাঢ়িছে । যদিও প্রতিষেধক প্রয়োগৰ ফলত মৃত্যুৰ হাৰ বহুলাংশে কমিছে বুলি ধাৰণা বিশেষজ্ঞ মহলৰ ।

আনহাতে, মাংকিপক্সত আক্রান্তৰ সংখ্যা বাঢ়িছে । এনে পৰিস্থিতিত মাংকিপক্স সংক্রমণক লৈ সমগ্ৰ বিশ্বত জৰুৰী অৱস্থা ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) ।

Exit mobile version