বোকাখাত মহকুমাত “দেশভক্তি দিৱস” উদ্‌যাপন

আজি ইংৰাজী ২৮ জুলাই, ২০২২ তাৰিখৰ দিনটোত সমগ্ৰ অসমৰ লগতে বোকাখাত মহকুমাতো মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত বোকাখাত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত “দেশভক্তি দিৱস” বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয় ।

তাৎপৰ্যপূৰ্ণ এই দিৱস পালনৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে মহকুমাধিপতি ডাঃ নেহা যাদৱ, সমল ব্যক্তি হিচাপে ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক সুষময় পুৰকায়স্থ, বোকাখাত সমাজ জীৱনৰ বিশিষ্ট ব্যক্তি নিজৰা বৰঠাকুৰ, জিতু শৰ্মা ৰাজখোৱাকে প্ৰমুখ্য কৰি বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মী আৰু মহকুমা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে ।

ভাষণ প্ৰসংগত আমন্ত্ৰিত অতিথিসকলে আজিৰ এই দেশভক্তি দিৱসৰ তাৎপৰ্য আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে বহলাই আলোকপাত কৰে লগতে দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰ ছহিদ আৰু মুক্তি যুঁজাৰুসকলৰ অৱদানৰ বিষয়ে বক্তব্য দাঙি ধৰে ।

জাতীয় সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলক উষ্ম আদৰণি জনোৱাৰ সমান্তৰালকৈ বোকাখাত মহকুমাৰ মুক্তি যুঁজাৰুসকলৰ পৰিয়ালৰ সদস্য/সদাস্যাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

Exit mobile version