Commonwealth Games 2022 : পুনৰ বিতর্কত লভলিনা, কমনৱেলথ গেমছৰ অনুষ্ঠানৰ মাজতেই ওলাই আহিল

Lovlina twitter

লভলিনা বুঢ়াগোঁহাইক লৈ বিতর্ক তুংগত । কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানতো তেওঁ সমস্যাৰ সৃষ্টি কৰে । সিদ্ধান্ত ল’লে কমনৱেলথ গেমছৰ মাজ ভাগতে ওলাই অহাৰ । উভতি অহাৰ পথত কোনো টেক্সি বা গাড়ী নোপোৱাত ষ্টেডিয়ামৰ বাহিৰতে এঘণ্টা সময় ৰৈ থাকিবলগীয়া হয় তেওঁৰ স’তে আন এজন বক্সাৰে । সমগ্ৰ ঘটনাটোতে অসন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতীয় বক্সিং সংস্থাৰ সহ-সভাপতি ৰাজেশ ভণ্ডাৰীয়ে ।

বৃহস্পতিবাৰে আলেকজাণ্ডাৰ ষ্টেডিয়ামত কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় লভলিনা । বক্সিং দলৰ আন এজন সদস্য মহম্মদ হুছামুদ্দিনৰ স’তে মাজভাগতেই আধা ঘণ্টা দূৰত্বৰ গেমছ ভিলেজত উভতি যোৱাৰ সিদ্ধান্ত লয় । মাজ ভাগতে ওলোৱাৰ বাবে উভতি আহিবৰ বাবে কোনো বাহন নাপায় । অনুষ্ঠান চলি থকাৰ বাবে টেক্সিও বুক কৰিব নোৱাৰে । পাছত আয়োজকসকলৰ তৰফৰ পৰা বাছৰ ব্যৱস্থা কৰি দিয়া হয় তাতে গেমছ ভিলেজত উভতে ।

সংবাদ সংস্থাক লভলিনাই কয়, “পুৱা মোৰ অনুশীলন আছে । তাৰ পাছৰ দিনাই খেল । অনুষ্ঠান শেষ হোৱাত বহু পলম হ’ব ভাবি আগতে ওলাই অহাৰ সিদ্ধান্ত ল‌ওঁ । টেক্সিৰ অনুৰোধ কৰিছো যদিও পোৱা নাই ।” সংবাদ সংস্থাৰ খবৰ অনুযায়ী, ভাৰতীয়সকলক তিনিটা টেক্সি দিয়া হৈছে আয়োজকসকলৰ তৰফৰ পৰা । কিন্তু উদ্বোধনী অনুষ্ঠানত ক্রীড়াবিদ আৰু কৰ্মকর্তাসকলে বাছত অহাত টেক্সিচালকসকল উভতি যায় । সেয়ে লভলিনাহঁতে টেক্সি নাপায় ।

ভাৰতীয় বক্সিং সংস্থাৰ সহ-সভাপতি ৰাজেশে সংবাদ সংস্থাক কয়, “অনুষ্ঠানৰ পাছত গ’ম পাওঁ যে লভলিনা আৰু আন এজন বক্সাৰ আগতীয়াকৈ ওলাই গৈছে । আমি সকলোৱে বাছত আহিছো । টেক্সি নাছিল । আগতেই ওলাই যাবৰ হ’লে তেওঁলোকে অনুষ্ঠানত অহা উচিত নাছিল । পুৱা অনুশীলন আছে বা পাছৰ দিনা মেচ আছে বুলি অনেকেইতো অহা নাই । আমি তাৰ অনুমতিও দিছো । বক্সিং দলৰ স’তে পাছত এই বিষয়ত আলোচনা কৰা হ’ব ।”

প্রসংগত, ভাৰতৰ ১৬৪ জন ক্রীড়াবিদে উদ্বোধনী অনুষ্ঠানত অংশ লয়, যি মুঠ দলৰ অর্ধেক । শুকুৰবাৰে মেচ থকাৰ বাবে ভাৰতৰ মহিলা ক্রিকেট দল নাছিল ।

Exit mobile version