MiG-21 Fighter Jet Accident : ৰাজস্থানত মর্মান্তিক দুর্ঘটনা, মাজ আকাশতে ভাঙি চূৰ্ণবিচূৰ্ণ মিগ-২১ বিমান

mig 165902772316x9 1

বৃহস্পতিবাৰে সন্ধিয়া ৰাজস্থানৰ বাৰমেৰ জিলাত মিগ-২১ যুদ্ধবিমান ভাঙি পৰে (MiG-21 fighter aircraft) । বৃহস্পতিবাৰে নিশা ন বজাত ৰাজস্থানত (Rajasthan) ভাঙি পৰে বায়ুসেনাৰ বিমানখন । ভাঙি পৰাৰ পাছতেই বিমানত অগ্নি সংযোগ হৈ যায় । দুর্ঘটনা ইমানেই ভয়াৱহ যে মিগৰ (fighter aircraft) ধ্বংসাৱশেষ আধা কিলোমিটাৰ দূৰ পর্যন্ত ছিটিকি পৰে । বায়ুসেনা (IAF) সূত্রে খবৰ, বৃহস্পতিবাৰে নিশা ন বজাত ৰাজস্থানৰ (Rajasthan) বাৰমেৰ জিলাৰ ভিমদা গ্রামৰ এই দুর্ঘটনাত বিমানত দুজন পাইলট আছিল। উক্ত ঘটনাত দুয়োজন পাইলটৰে মৃত্যু হয় (2 Pilot Died) ।

খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলত উপস্থিত হয় আৰক্ষী, জিলাপ্ৰশাসক আৰু বায়ুসেনাৰ বিষয়াসকল । ইপিনে কেনেকৈ এই ধৰণৰ ঘটনা সংঘটিত হ’ব পালে সেয়া অৱশ্যে এতিয়াও স্পষ্ট নহয় । ঘটনাত শোক প্রকাশ কৰিছে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । কিন্তু কিয় ভয়াৱহ দুর্ঘটনা সংঘটিত হ’ল, সেই বিষয়ত স্পষ্টকৈ একো জানিব পৰা নাই । বৃহস্পতিবাৰে নিশা ন বজাত এই ভয়াৱহ দুর্ঘটনাটো ঘটে । সূত্রৰ খবৰ ইতিমধ্যে উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে ।

দুর্ঘটনাৰ কাৰণ জানিবলৈ ভাৰতীয় বায়ুসেনাক তদন্তৰ নির্দেশ দিয়া হৈছে । ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, “আইএএফ প্রাণহানিৰ বাবে গভীৰভাৱে অনুতপ্ত আৰু ভাৰতীয় বায়ুসেনা শোকাহত পৰিয়ালবৰ্গৰ লগত আছে । দুর্ঘটনাৰ কাৰণ সন্ধান কৰিবৰ বাবে এটা কোর্ট অফ ইনকোৱাৰীৰ নির্দেশ দিয়া হৈছে ।”

ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলেটে শোকপ্রকাশ কৰি কয়, “বাৰমেৰত আইএএফ মিগ-২১ প্রশিক্ষক বিমান দুর্ঘটনাৰ কবলত পৰাত কর্তব্যৰত অৱস্থাত দুই আইএএফ পাইলটে প্রাণ হেৰুৱাইছে । এই ঘটনাত ম‌ই গভীৰভাৱে দুঃখিত । শোকাহত পৰিয়ালৰ প্রতি মোৰ আন্তৰিক সমবেদনা । তেওঁলোকে যেন এই ক্ষতি সহ্য কৰাৰ শক্তি পায় । আমি তেওঁলোকৰ লগত আছো । তেওঁলোকৰ স’তে দুখ ভাগ কৰি ল’বলৈ লগত থাকিম ।”

বিগত বছৰৰ আৰম্ভণিতে বায়ুসেনাৰ যুদ্ধবিমান ভাঙি পৰিছিল ৰাজস্থানৰ সুৰাতগড়ত । যান্ত্রিক ত্রুটিৰ বাবে সংঘটিত হোৱা এই বিপর্যয়ত সেইবাৰ কোনো প্ৰকাৰে ৰক্ষা পাইছিল পাইলটে । ইয়াৰ পাছত পুনৰ মার্চত ভাঙি পৰে আন এটা মিগ ২১ বাইছন ।

Exit mobile version