ডিফুত প্ৰায় দুই কোটি ৭২ লাখ টকা মূল্যৰ ড্ৰাগছ দাহ

যোৱা ২৫ জুনত কাৰ্বি আংলং জিলা আৰক্ষীৰ উদ্যোগত ডিফুৰ পাঁচ মাইল ‘ছাই’ খেলপথাৰত প্ৰায় ১১ কোটি টকা মূল্যৰ ড্ৰাগছ দাহ কৰাৰ পাছত আজি পুনৰ একে স্থানতে বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ দাহন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ আজি ক্ৰমে, তিনি কেজি ৪৮ গ্ৰাম, হেৰইন, ৩২০ কেজি ছয় গ্ৰাম গাঞ্জা, ২১০২টা ছেমপ্লেক্স কেপচুল, ২৬ বটল কফ ছিৰাপ, ৰাজহুৱাভাৱে কাৰ্বি আংলঙ আৰক্ষী প্ৰশাসনে বিভাগীয় নিৰ্দেশনা অনুসৰি ড্ৰাগছ ডিছপ’জেল কমিটীৰ সদস্যসকলৰ উপস্থিতিত দাহ কৰে ।

আজিৰ ড্ৰাগছ দাহ কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, উপ আৰক্ষী অধীক্ষক (প্ৰৱেছনাৰী) নিলোৎপল শইকীয়া উপস্থিত থাকে ৷

দাহ কৰা নিচাযুক্ত সামগ্ৰীসমূহৰ মূল্য প্ৰায় দুই কোটি ৭২ লাখ টকা হ’ব বুলি জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷

Exit mobile version