Fire accident : মধ্য প্রদেশৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড, পাঁচ ৰোগীসহ আঠজনৰ মৃত্যু, আহত তিনি

hospital fire 1132050 1659352724

মধ্য প্রদেশৰ জব্বলপুৰত এখন বেচৰকাৰী হাস্পাতালত অগ্নি সংযোগ হৈ প্ৰায় আঠজনৰ মৃত্যু হৈছে । জব্বলপুৰৰ এই হাস্পতালত সোমবাৰে দুপৰীয়া অগ্নি সংযোগ হয় । স্থানীয় সংবাদ মাধ্যম সূত্রে খবৰ অগ্নিকাণ্ডত পাঁচজন ৰোগী আৰু তিনিজন হাস্পতাল কর্মচাৰীৰ মৃত্যু হৈছে । প্ৰায় ১২ জন গুৰুতৰভাৱে আহত হৈছে ।

এই বেচৰকাৰী হাস্পতালখনৰ নাম নিউ লাইফ মাল্টিস্পেচিয়েলিটি হাস্পতাল । জব্বলপুৰৰ আৰক্ষী ছুপাৰ সিদ্ধার্থ বহুগুণাই জনাইছে, জব্বলপুৰৰ দমো নাকা অঞ্চলৰ এই হাস্পতালত জুই লাগে দুপৰীয়াতেই । খবৰ লাভ কৰি দ্রুত ঘটনাস্থলত উপস্থিত হয় । সন্ধিয়া পৰ্যন্ত জুই নিয়ন্ত্রণত আহে । আৰক্ষী ছুপাৰে জনায়, প্রাথমিক তদন্তত অনুমান কৰা হৈছে শ্বর্ট ছার্কিটৰ পৰাই এই জুই লাগিছে ।

অগ্নি সংযোগৰ এই ঘটনাটোৰ কে’বাটাও ভিডিঅ’ প্রকাশ্যত আহিছে । ভিডিঅ’ত দেখা গৈছে হাস্পতালৰ পৰা ক’লা ধোঁৱাৰ কুণ্ডলী ওলাইছে ।হাস্পতালৰ পৰা দ্রুত ওলিয়াই অনা হৈছে ৰোগীসকলক । জব্বলপুৰৰ আৰক্ষী প্রধান অখিলেশ গৌৰে কয়, ‘‘ভয়াৱহ অগ্নি সংযোগ হৈছিল হাস্পতালখনত । অৱশ্যে আমি ভিতৰত আবদ্ধ হৈ থকা প্রায় সকলোকেই ৰক্ষা কৰিব পাৰিছো বুলি ভাবিছো । সম্প্ৰতি জুই নিয়ন্ত্রণত অনা হৈছে ।’’

সোমবাৰৰ এই অগ্নিকাণ্ডত শোক প্রকাশ কৰিছে মধ্য প্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে । তেওঁ অগ্নিকাণ্ডত মৃতসকলৰ পৰিয়ালবৰ্গক পাঁচ লাখকৈ টকাৰ এক কালীন অর্থ সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছে ।

Exit mobile version