ঝাড়খণ্ডৰ তিনি বিধায়কৰ গাড়ীত উদ্ধাৰ ৪৯ লাখ টকা, চিআইডি-ৰ তালাচীত বাধা দিলে দিল্লী আৰক্ষীয়ে

177843 hghxcaqywt 1659248059

ঝাড়খণ্ডৰ তিনি বিধায়কৰ পৰা উদ্ধাৰ হৈছিল লক্ষাধিক টকা । সেই গোচৰত প্রাক্তন কংগ্রেছ নেতা তথা এই ঘটনাৰ মধ্যস্থতাকাৰী হিচাপে উত্থাপিত হয় সিদ্ধার্থ মজুমদাৰৰ নাম । আজি, বুধবাৰে দিল্লীত তেওঁৰ বাসগৃহত তালাচী অভিযানত যায় বাংলাৰ তদন্তকাৰী বিষয়াসকল । কিন্তু গৈ পোৱাৰ পাছতেই দিল্লী আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয় বিষয়াসকলে । আদালতৰ তৰফৰ পৰা তালাচীৰ পৰোৱানা থকা সত্ত্বেও দিল্লী আৰক্ষীয়ে চিআইডিক বাধা দিয়ে ।

যোৱা শনিবাৰে হাৱৰা পাঁচলাৰ কাষত ছয় নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ঝাড়খণ্ডৰ তিনি কংগ্রেছ বিধায়কৰ গাড়ীৰৰ পৰা ৪৯ লাখ টকা উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় । তেওঁলোকক (Congress MLA) গ্রেপ্তাৰিৰ পাছত জেৰা কৰিছে চিআইডি-য়ে । জেৰাত জানিব পৰা গৈছে, চুবুৰীয়া ৰাজ্য ঝাড়খণ্ডৰ জেএমএম-কংগ্রেছ চৰকাৰক পৰাস্ত কৰিবলৈ বিজেপিয়ে প্রায় ৫০ লাখ টকা দিছিল কংগ্রেছৰ তিনি বিধায়কক ।

এই ঘটনাৰ স’তে জড়িত আৰু তিনিজনৰ সন্ধান পায় পশ্চিমবংগৰ অপৰাধ তদন্তকাৰী দলে । মধ্যস্থতাকাৰী হিচাপে নাম উত্থাপন হৈছে সিদ্ধার্থ মজুমদাৰৰ । তেওঁৰ দিল্লীৰ বাসগৃহত তালাচী চলোৱাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ বাবে আগৰ পৰাই দিল্লী আৰক্ষীৰ সাহায্যও বিচৰা হৈছিল । কিন্তু সকলো জানিও বুধবাৰে তদন্তত ‘বাধা’ হৈ থিয় দিয়ে দিল্লী আৰক্ষীয়ে !

তথ্য অনুসৰি, চিআইডিৰ (CID) চাৰি বিষয়াক ছাউথ কেম্পাছ আৰক্ষী চকীত আটক কৰি বহাই থোৱা হয় । আনকি তেওঁলোকক কোৱা হয়, তালাচী সমাপ্ত হোৱাৰ পাছত যি লিখিত কাগজ জমা দিব লাগে, সেয়া যেন তেওঁলোকে জমা কৰি দিয়ে । কিন্তু তালাচী নকৰাকৈয়ে এনে কোনো তথ্য জমা কৰিবলৈ প্ৰস্তুত নহয় বিষয়াসকল । এনে পৰিস্থিতিৰ বাতৰি পাই পশ্চিমবংগৰ পৰা উচ্চপদস্থ আৰক্ষী বিষয়াসকলে দিল্লী ৰাওনা হৈছে বুলি খবৰ ।

বিষয়টোক লৈ ৰাজনৈতিক চাপ সৃষ্টি হৈছে । কিয় তালাচী পৰোৱানা থকা সত্ত্বেও পশ্চিমবংগৰ চিআইডি বিষয়াসকলক বাধা দিলে দিল্লী আৰক্ষীয়ে, তাক লৈও প্রশ্ন উত্থাপিত হৈছে । এই ঘটনাক অত্যন্ত দুর্ভাগ্যজনক বুলি ব্যাখ্যা কৰিছে তৃণমূল ৰাজ্য সম্পাদক কুণাল ঘোষে । এই ক্ষেত্রত তথ্য-প্রমাণ ধ্বংস কৰাৰ সম্ভাৱনা সৃষ্টি হয় বুলি তেওঁৰ দাবী । কুণাল ঘোষে কয়, “দিল্লী আৰক্ষীৰ ক্ষমতাৰ অপপ্রয়োগ কৰি বাংলাৰ তদন্তকাৰীসকলক মে বাধা দিয়াৰ চক্রান্ত কৰা হোৱা নাই, সেইটোতো কোৱা হোৱা নাই ।”

ইপিনে, এই ঘটনাত জড়িত আন এক ব্যৱসায়ী ছল্টলেকৰ বাসিন্দা মহেন্দ্র আগৰৱালাৰ কাৰ্যালয়ৰ পৰা কালি প্রায় চাৰে তিনি লাখ টকা উদ্ধাৰ কৰে তদন্তকাৰীসকলে । লগতে ২২৫টা ৰূপৰ ক‌ইনো উদ্ধাৰ কৰে । তাৰ পাছৰ পৰাই চিআইডি-ৰ বিষয়াসকলে তেওঁৰ সন্ধান চলাইছিল । আজি তেওঁৰ সন্ধান উলায় । কিন্তু চিআইডি-য়ে তেওঁক আটক কৰোতেই তেওঁ অসুস্থ হৈ পৰে । সম্প্ৰতি তেওঁক এছএছকেএম হাস্পাতালত লৈ যোৱা হৈছে ।

Exit mobile version