গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সপ্তাহ উদ্‌যাপন

WhatsApp Image 2022 08 08 at 6.12.21 PM

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ আৰু সংস্কৃত ভাৰতী গুৱাহাটী মহানগৰে আজি যুটীয়াভাৱে সংস্কৃত সপ্তাহ উদ্‌যাপনৰ কাৰ্যসূচী হাতত লয় । সেই মৰ্মে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক ভৱনৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আৰম্ভণি হয় ।

উদ্‌ঘাটন সত্ৰত সংস্কৃত আৰু বিজ্ঞান বিষয়ৰ এখন প্ৰদৰ্শনী উন্মোচন কৰে মুখ্য অতিথি নলবাৰীস্থিত কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক প্ৰহ্লাহ আৰ যোশীয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উদ্‌ঘাটন সত্ৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ঈশাংকুৰ শ‌ইকীয়া । সভাত জ্যেষ্ঠ অধ্যাপক হিচাপে ভাষণ প্ৰদান কৰে অধ্যাপক দীপক কুমাৰ শৰ্মাই ।

সংস্কৃত ভাৰতীত উত্তৰ পূৰ্বাঞ্চলৰ সংগঠন মন্ত্ৰী ভৱেন শ‌ইকীয়া, গুৱাহাটী মহানগৰৰ অধ্যক্ষ ড° মণি শৰ্মা শাস্ত্ৰী, মন্ত্ৰী ক্ষিতীশ শৰ্মা, সংস্কৃত ভাৰতী, উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী পংকজ শৰ্মা উপস্থিত থাকে । “আজাদী কি অমৃত মহোৎসৱ” এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত সভাত বৰ্তমান সময়ত সংস্কৃতৰ প্ৰায়োগিক দিশৰ বিষয়ে আলোচনা কৰা হয় ।

মুখ্য অতিথি উপাচাৰ্য‌‌ই সংস্কৃত বিশ্ববিদ্যালয়ত সংস্কৃত মাধ্যমেৰে শিক্ষা দানৰ বিষয়ে আগভাগ ল’ব বুলি কয় । বিশিষ্ট অতিথি ঈশাংকুৰ শ‌ইকীয়াই সংস্কৃত ছন্দ শাস্ত্ৰৰ লগত কোৱাণ্টাম ফিজিক্সৰ সম্বন্ধৰ কথা ব্যাখ্যা কৰে । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ পৰিচয় দাঙি ধৰে অধ্যাপক কামেশ্বৰ শুক্লাই ।

সংস্কৃত ভাৰতী, উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে বক্তব্য আগবঢ়াই শৰাইঘাট মহাবিদ্যালয় অধ্যক্ষ ড° মণি শৰ্মা শাস্ত্ৰীয়ে । সভাত আদৰণি ভাষণ প্ৰদান কৰে মুৰব্বী অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্যই । ড° বিনিমা বুজৰবৰুৱাই আগধৰা উক্ত সভাত শলাগৰ শৰাই আগবঢ়াই অধ্যাপক জগদীশ শৰ্মাই ।

সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ৰাতুল মহন্ত‌ উপস্থিত থাকে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ছাত্র-ছাত্ৰী তথা গৱেষক-গৱেষিকাসকলৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সভাখন অনুষ্ঠিত হয় ।

Exit mobile version