চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে অসমৰ আন্ত:ৰাজ্যিক সীমা সম্বন্ধীয় মন্ত্ৰী পৰ্যায়ৰ এক বৈঠক আজি আইজলৰ আইজল ক্লাৱত অনুষ্ঠিত হয় ৷ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে কৃষিমন্ত্ৰী অতুল বৰা আৰু অশোক সিংহালে৷আনহাতে মিজোৰামৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য খনৰ গৃহমন্ত্ৰী লাল চামিলীনা আৰু ৰাজহ আৰু ভূমি বন্দোৱস্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী এইছ লালৰুৱাটকীমাই ৷
মন্ত্ৰী পৰ্যায়ৰ বৈঠকত চুবুৰীয়া ৰাজ্য দুখনৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়৷ সভাত অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জি বি ত্ৰিপাঠী, এআৰঅ জগন্নাথ জ্যোতি বৰাা, আইজল চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত-সচিব লালেংগামেচীয়া, যুটীয়া সচিব লালথাইমাছাংও উপস্থিত থাকে ৷