কি হ’ব মানাহৰ ভৱিষ্যত ! পূৰ্বৰ দৰে পৰ্যটক আহিবনে মানাহলৈ !

মানাহত অৰ্ধ উলংগ-সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ

WhatsApp Image 2022 08 10 at 6.41.35 PM 1

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নোহোৱাত তীব্ৰ অসন্তুষ্টি আন্দোলনকাৰীৰ

কি হ’ব মানাহৰ ভৱিষ্যত ! মানাহলৈ পূৰ্বৰ দৰে আহিবনে পৰ্যটক ! পৰ্যটক নাহিলে কি হ’ব মানাহৰ পৰ্যটনৰ লগত জড়িত লোকসকলৰ ভৱিষ্যত ! বৰ্তমান সময়ত এই প্ৰশ্নই বাৰে বাৰে উত্থাপিত হৈছে মানাহত ৷ “খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালকক তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিছিল, কিন্তু সেয়া আজিলৈ কাৰ্যকৰী নোহোৱাত আমি আশ্চৰ্য প্ৰকাশ কৰিছো ৷ আমাৰ সন্দেহ হৈছে, বিটিচি চৰকাৰ ইয়াত জড়িত বা মানাহৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰৰ স’তে বিটিচি চৰকাৰৰ সম্পৰ্ক আছে যাৰ বাবে সেই নিৰ্দেশ কাৰ্যকৰী কৰা নগ’ল”৷ এই মন্তব্য গ্ৰেটাৰ মানাহ কনজাৰ্ভেছন এণ্ড ট্যুৰিজিম ডেভেলপমেণ্ট ছ’চাইটিৰ নেতৃবৃন্দৰ ৷

মানাহৰ পৰ্যটনক্ষেত্ৰত বৰ্ধিত মাছুল প্ৰত্যাহাৰৰ লগতে ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক বদলিৰ দাবীত আজি মানাহত সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে কয় সংগঠনটোৰ নেতৃবৃন্দই ৷ সংগঠনটোৱে যোৱা ন জুলাইৰ পৰা আৰম্ভ কৰা আন্দোলনৰ এমাহ উকলিল যদিও তেওঁলোকৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত বিটিআৰ কিম্বা ৰাজ্য চৰকাৰৰ পৰা এতিয়াও গ্ৰহণ কৰা নাই কোনো ফলপ্ৰসু পদক্ষেপ ৷ সেয়েহে আজিৰে পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনটোৱে ৷

উল্লেখ্য যে যোৱা পাঁচ জুলাইত মানাহৰ পৰ্যটনক্ষেত্ৰত বিভিন্ন মাছুল বৃদ্ধি কৰাৰ জাননী প্ৰেৰণ কৰিছিল বিটিচি চৰকাৰে আৰু তাৰ পাছৰ পৰাই মানাহৰ পৰ্যটনক্ষেত্ৰত বছৰ বছৰ ধৰি জড়িত লোকসকলৰ লগতে বহুকেইটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাহ কনজাৰ্ভেছন এণ্ড ট্যুৰিজিম ডেভেলপমেন্ট ছ’চাইটিৰ উদ্যোগত যোৱা ন জুলাইৰ পৰাই মানাহৰ বৰ্ধিত মাছুল শীঘ্ৰে প্ৰত্যাহাৰ, মানাহৰ পৰ্যটনৰ লগত জড়িত বিভিন্ন সংগঠন আৰু দাঁতিকাষৰীয়া কোনো মানুহৰ লগত সম্পৰ্ক নৰখা মানাহৰ ক্ষেত্ৰ সঞ্চালকগৰাকীক বদলিৰ উপৰি মানাহৰ অন্তৰ্ভাগত বন্ধ কৰি থোৱা বিভিন্ন উপপথ মুকলিৰ লগতে আন আন দাবীৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি অহা হৈছে ।

ইতিমধ্যে বিটিআৰ চৰকাৰৰ উপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছিল বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ ৷ ইয়াৰ মাজতে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰণজিত বসুমতাৰীয়ে মানাহৰ বাঁহবাৰীত আন্দোলনকাৰী সংগঠনটোৰ স’তে এক আলোচনাতো মিলিত হৈছিল আৰু মাছুল বৃদ্ধিৰ বিষয়টো পুনৰ জাননী নিদিয়া পৰ্যন্ত আগৰ দৰেই বাহাল থাকিব বুলিও কৈছিল, কিন্তু এইপৰ্যন্ত কোনো লিখিত প্ৰতিশ্ৰুতি প্ৰেৰণ নকৰাত আশ্বস্ত হোৱা নাই সংগঠনটোৰ নেতৃবৃন্দ ৷

ইফালে, যোৱা ২৮ জুলাইত সংগঠনটোৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীত সাক্ষাৎ কৰি বিষয়টো উত্থাপন কৰাত তেওঁ শীঘ্ৰে ইয়াৰ সমাধান হ’ব বুলি আশ্বাস দিছিল, তদুপৰি ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰক মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বদলিৰ নিৰ্দেশ দিয়াৰ বাতৰিও বিভিন্ন কাকতত প্ৰকাশ পাইছিল ৷ কিন্তু কিহৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী নহ’ল তাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ সেয়েহে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবীত আজি মানাহ ৰাষ্ট্ৰীয উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰত সংগঠনটোৰ নেতা-সদস্যই সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে ৷

উল্লেখযোগ্য যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলনৰ উপৰি মানাহত জীপ ছাফাৰি বন্ধ থাকিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ৷

Exit mobile version