জিএমচিত চিকিৎসাধীন মইনা নায়কক দিয়া হ’ল ক্ষতিপূৰণ

১৩ লাখ ৪১ হেজাৰ ৪৯৮ টকাৰ চেক প্ৰদান লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষই

WhatsApp Image 2022 08 10 at 8.10.24 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি ক্ষতিপূৰণ প্ৰদান কৰে ডিব্ৰুগড়ৰ লক্ষ্মী টী কোম্পানীৰ লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষই ৷ ১৩ লাখ ৪১ হেজাৰ ৪৯৮ টকাৰ চেক প্ৰদান কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ।

উল্লেখযোগ্য যে, লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক বাগিচাখনৰ কল ঘৰত কৰ্মৰত হৈ থকা সময়ত অকস্মাৎ চিটিচি মেচিনত লাগি গুৰুতৰভাৱে আহত হৈছিল । পৰৱৰ্তী সময়ত লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষক মইনা নায়কক তিনিদিনৰ ভিতৰত ক্ষতিপূৰণ দিবলৈ জাননী জাৰী কৰে শ্ৰম বিভাগে ।

কিন্ত বিভাগীয় নিৰ্দেশ পোৱাৰ পিছতো ক্ষতিপূৰণ নিদিয়াত তীব প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ চাহ জনগোষ্ঠীয় সংগঠনসমূহে চৰকাৰক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত হস্তক্ষেপ দাবী কৰে ৷ পাছত চৰকাৰৰ কঠোৰ স্হিতিত বাধ্য হৈ লেপেটকটা চাহ বাগিচা কৰ্তৃপক্ষই আজি ক্ষতিপূৰণৰ সমুদায় ধন প্ৰদান কৰে মইনা নায়কক ৷ কিন্তু উক্ত সময়সীমা উকলি যোৱাৰ পাছতো নিৰ্দিষ্ট সময়ত ক্ষতিপূৰণ নিদিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

Exit mobile version