ধেমাজিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ পৰিষদৰ সামূহিক মুণ্ডন প্ৰতিবাদ

অভিযুক্ত চিকিৎসক ডাঃ বিজু বৰুৱাক গেপ্তাৰৰ দাবীত প্ৰতিকৃতি দাহ

WhatsApp Image 2022 08 10 at 6.42.27 PM

ধেমাজিত বিজেপি চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ চৰম পৰ্যায়ৰৰ প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ । পৰিষদৰ ধেমাজি জিলা আৰু সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত সামূহিক মুণ্ডন কাৰ্যসূচী ৰূপায়ন । সৰ্বসাধাৰণ ৰাইজক সৰ্বোত্তোপ্ৰকাৰে জুৰুলা কৰা মূল্য বৃদ্ধি প্ৰসংগক লৈ সৰৱ প্ৰতিবাদ স্থলী । মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা তথা মিথ্যাচাৰী বিজিপি নেতৃত্ব চৰকাৰক চোকা সমালোচনা মুণ্ডনকাৰীৰ ।

সমান্তৰালকৈ ২০১৭-১৮ বৰ্ষ সংশোধন কৰি অপ্ৰাদেশিত বিদ্যালয় (শিক্ষানুষ্ঠান) সমূহক প্ৰাদেশিকৰণ প্ৰসংগতো উত্তাল‌ কৰি তোলে যুৱ সংগঠনটোৱে । একেদৰে ধেমাজি নগৰস্থিত বেৰিয়ামিল নামৰ এটা ৰাইচমিলে বছৰ বছৰ ধৰি তাৰ পৰা নিৰ্গত ধোঁৱাই নগৰ তথা চুবুৰীটো বিনষ্ট কৰি আহিছে । তাৰ পাছতো কাণসাৰ নাই চৰকাৰ-প্ৰশাসনৰ ।

এই ক্ষেত্ৰত ধেমাজি নগৰৰ মাজমজিয়াত এটা বৃহৎ আকাৰৰ মিল বহুৱাবলৈ কোনে অনুমতি দিলে, ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে । ইয়াৰ উপৰি ভগ্ন ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বাৰিষা বহু ঠাইৰ লগতে নগৰৰ মাজমজিয়াত পুখুৰী সদৃশ হৈ পৰিছে । যাৰ বাবে বহু সময়ত সৰু-বৰ বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । ইয়াক লৈ শীঘ্ৰে মেৰামতিৰ দাবী তোলে সংগঠনটোৱে ।

ইফালে, ধেমাজিত গাঁও প্ৰধান নিযুক্তিৰ ক্ষেত্ৰতো চৰম কেলেংকাৰী পোহৰলৈ আহে । সংগঠনটোৱে বহু সময়ত প্ৰশাসনক তথ‌্য সহকাৰে জনোৱাৰ পাছতো কাণসাৰ নাই উৰ্দ্ধতন কৰ্তৃপক্ষৰ । এই ক্ষেত্ৰত গাঁও প্ৰধান নিযুক্তি কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে প্ৰতিবাদৰ জৰিয়তে ।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, সম্পাদক উদয়ন কুমাৰ গগৈ, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ নেতা গৌৰী শংকৰ দাস, টাই আহোম যুৱ সন্মিলনৰ নেতা দিলীপ গগৈ, জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, সম্পাদক ত্ৰৈলোক্য তামুলীৰ লগতে ভুক্তভোগী অপ্ৰাদেশিকৃত শিক্ষক, বঞ্চিত গাঁও প্ৰধান আবেদনকাৰী  লগতে বীৰ লাচিত সেনা, নাগিৰক সমাজ, নাথ যোগী ছাত্ৰ সন্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ।

ডাঃ বিজু বৰুৱাৰ প্ৰতিকৃতি দাহ

একেদৰে অভিযুক্ত চিকৎসক ডাঃ বিজু বৰুৱাৰ বিৰুদ্ধে গৰজি উঠে প্ৰতিবাদকাৰী । ধেমাজি অসামৰিক চিকিৎসালয়ত দিন দুপৰতে এগৰাকী চিকিৎসকৰ চালকে নিজকে মুন্নাভাই এম বি বি এছ সজাই ৰোগীক প্ৰেছক্ৰিপছন দিয়াৰ কথা জল জল পট পট হোৱাৰ পাছতো মেডিকেল কৰ্তৃপক্ষ তথা অভিযুক্ত চিকিৎসক ডাঃ বিজু বৰুৱাসহ ভুৱা চিকিৎসক (চালক)ক গ্ৰেপ্তাৰৰ বিপৰীতে আৰক্ষী প্ৰশাসনে সুৰক্ষা দিয়া বুলি অভিযোগ তোলে । লগতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অভিযুক্ত চিকিৎসকক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি ডাঃ বৰুৱাৰ প্ৰতিকৃতি দাহ কৰে ধেমাজি সদৰৰ মাজমজিয়াত ।

প্ৰতিবাদকাৰীয়ে এয়া ডাঃ‌ বৰুৱাৰ কু-কৰ্ম প্ৰথম নহয় বুলি উল্লেখ কৰি বিগত দিনবোৰতো চিকিৎসা সেৱাৰ নামত জিলাখনত অনৈতিক কাম কৰি অহা বুলি অভিযোগ কৰে ।

Exit mobile version