নৱম আৰু দশমৰ শ্ৰেণীৰ পৰীক্ষাৰ মাচুল বৃদ্ধি মাধ্যমিক শিক্ষা বিভাগৰ

1600x960 156079 unnamed

মাধ্যমিক শিক্ষা বিভাগে কাগজ আৰু উত্তৰ বহীৰ কাগজৰ লগতে ছপাকামৰ ব্যয় বৃদ্ধিৰ অচিলা লৈ বৃদ্ধি কৰিলে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা মাচুল । নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ছয়মহীয়া, বছৰেকীয়া আৰু প্ৰাগ ব’ৰ্ড পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে ।

পূৰ্বতে এই মাচুল আছিল ৭০ টকাৰ ৷ এতিয়া পুৰ্বৰ নিৰিখৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্র-ছাত্রীয়ে পৰীক্ষাৰ মাচুল হিচাপে আদায় দিব লাগিব ১২০ টকা । মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনা অনুসৰি উত্তৰ বহীৰ নামত ২৮ টকা , বহী মূল্যায়নৰ বাবে ২০ টকা ,প্রশ্ন কাকতৰ নামত ৫২ টকা, অনলাইন-পুনৰীক্ষণৰ সেৱাৰ বাবে ২০ টকা সহিতে মুঠ ১২০ টকা মাচুল ধাৰ্য্য কৰিছে।

Exit mobile version