প্ৰাক্ স্বাধীনতা কালৰ বিদ্যালয়ৰ মৃত্যুঘণ্টা

IMG 20220809 WA0018

ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ আগতে ১৯৪০ত ঐতিহাসিক দক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা মাজুলীৰ এখন অতি প্ৰাচীনতম বিদ্যালয় দক্ষিণপাট উচ্চ বুনিয়াদী বিদ্যালয় ৷ এটা সময়ত সমগ্ৰ মাজুলীতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনেই আছিল বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ এক মাত্ৰ শিক্ষানুষ্ঠান ৷ যিখন বিদ্যালয়ত অধ্যয়ন কৰিয়েই বহু ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ বাহিৰে-ভিতৰে সুখ্যাতি অৰ্জ্জন কৰি দক্ষিণপাটৰ গৌৰৱ উজ্জ্বলাইছিল ।

বিদ্যালয়খনত সুদূৰ শালমৰাৰ, চূমৈমাৰী পৰ্যন্ত গাঁওসমূহৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ আদি পাঠ গ্ৰহণ কৰি নিজৰ নিজৰ শৈক্ষিক জীৱন আৰম্ভ কৰিছিল ৷ দিন বাগৰাৰ লগে লগে তথা অঞ্চলত সেই সময়ত ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা শিক্ষিতৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত কে’বাখনো প্ৰাথমিক বিদ্যালয় আৰু উচ্চ ম্যাধমিক বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ ফলত দিনে দিনে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস পোৱাত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল ৷

আনহাতে, চৰকাৰে জন্ম নিয়ন্ত্ৰণত কঠোৰ নিয়ম জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত গাওঁসমূহৰ পৰিয়ালত জনসংখ্যাৰ পৰিমাণো সীমিত হ’ব ধৰে ৷ যাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীৰে পৰিপূৰ্ণ হৈ থকা বিদ্যালয়খনৰ পৰা বছৰৰ পাছত বছৰ শিক্ষকৰ সংখ্যা হ্ৰাস পোৱাত বিদ্যালয়খনত মৃত্যুঘন্টা বাজিবলৈ ধৰে ৷ শেষ মূহুৰ্তত কৰ্মৰত শিক্ষক কেইগৰাকীক নতি দূৰৰ দক্ষিণপাট উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিনৰ বাবে থকাৰ পাছত মাজুলী জিলাৰ দক্ষিণ দিশলৈ বদলি কৰে ৷ ফলত পঢ়াশালিখনত শেহতীয়াকৈ এক নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে ৷

ছাত্ৰ-ছাত্ৰী, শিক্ষক আহিব বুলি যেন আশাৰে দিনৰ পাছত দিন ধৰি বাট চাইছে বিদ্যালয়ৰখনৰ ঐতিহ্য বহন কৰা ঘৰ দুৱাৰ-খিৰিৰীয়ে ৷ ৰাজ্য তথা মাজুলীৰ বাহিৰত থকা বিদ্যালয়ত অধ্যয়ন কৰি সুপ্ৰতিষ্ঠিত হোৱা বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, যিসকলে বিদ্যালয়ৰ ইতিহাসক গৌৰৱবোধ কৰে সেই সকলৰ বহুজনে বিদ্যালয়খনলৈ মৃত্যুঘন্টা বজাৰ বতৰাক দুখ প্ৰকাশ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা টেলিফোনিক বাৰ্তাত শোক প্ৰকাশ কৰিছে ।

বিদ্যালয়ৰ দখলত প্ৰায় ১৫ বিঘাৰ অধিক মাটিৰ এটা আহল বহল চৌহদ আছে ৷ বৃহত্তৰ দক্ষিণপাটবাসী আৰু বিদ্যালয়ৰ প্ৰতিস্থাপক দক্ষিণপাট সত্ৰই হেৰাই যোৱাৰ সেই সোণালী অতীতক আংশিকভাৱে হ’লেও ঘূৰাই অনাত আগবাঢ়িব নোৱাৰি নে – বুলি বহু সচেতন ব্যক্তিয়ে এক পৰামৰ্শ আগবঢ়াইছে ৷ আনহাতে, চৰকাৰে বিদ্যালয়সমূহৰ একত্ৰিকৰণ কৰিছে যদিও ঐতিহাসিক বিদ্যালয়সমূহৰ ওপৰত এক ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছিল । স্থানীয় ৰাইজে ঐতিহাসিক বিদ্যালয়খনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনাইছে ।

উল্লেখ্য যে বিদ্যালয়খনৰ মাটি, ঘৰ-দুৱাৰ আৰু ভিতৰৰ আন আন সা-সম্পত্তি, বয়-বস্তু বৰ্তমান অসুৰক্ষিত অৱস্থাত থকাত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক তাৎক্ষণিক ব্যৱস্থাৰ দাবী জনাইছে ৷ যিহেতু বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী শূন্য হৈ থকাৰ সময়তো প্ৰধান শিক্ষক কৃষ্ণ ৰাম বৰাই বিদ্যালয়খনৰ সুৰক্ষাৰ দিশটো চোৱা-চিতা কৰি আছিল ৷ মাজুলী‌ জিলা প্ৰশাসনক বৃহৎ পৰিমাণৰ মাটিসহ বিদ্যালয়ৰ ঘৰ-দুৱাৰ সুৰক্ষিত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে ৰাইজে দৃষ্টি দাবী কৰে ৷

Exit mobile version