বহুদিনীয়া অপেক্ষাৰ অন্তত বৃদ্ধি পালে চাহ শ্ৰমিকৰ মজুৰি

WhatsApp Image 2022 08 10 at 5.46.39 PM

বুধবাৰে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী সভাকক্ষত চাহ শ্ৰমিকৰ প্ৰতিনিধি আৰু বাগিচাৰ মালিক সন্থাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মিলিত হয় মিলিত হয় এক বৈঠকত । এই বৈঠকৰ সিদ্ধান্তমৰ্মে চাহ শ্ৰমিকৰ নুন্যতম মজুৰি পুৰ্বৰ ২০৫ টকাৰ পৰিৱৰ্তে ২৩২ টকালৈ বৃদ্ধি কৰা হয় । ২৭ টকাকৈ বৃদ্ধি পালে শ্ৰমিকৰ দৈনিক মজুৰি।

এই বৰ্ধিত নিৰিখ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব ৷ বৈঠকত ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ২০৫ টকাৰ পৰা ২৩২ টকালৈ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ১৮৩ টকাৰ পৰা ২১০ টকালৈ বৃদ্ধি পাব দৈনিক মজুৰি৷উল্লেখ্য যে চাহ শ্ৰমিকৰ সংগঠন সমুহে দৈনিক মজুৰিৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিছিল ৷ অৱশেষত আজি প্ৰাপ্য পালে শ্ৰমিক সংগঠনসমূহে ৷

Exit mobile version