মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা গঁড়ৰ পোৱালি জন্মলাভ

৫১ লৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা

WhatsApp Image 2022 08 10 at 6.41.37 PM

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ জন্মলাভ কৰিলে এটি গঁড়ৰ পোৱালিয়ে ৷ কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ এটা অঞ্চলত বনকৰ্মীয়ে মাকৰ স’তে সদ্যজাত গঁড় পোৱালিটো প্ৰত্যক্ষ কৰা বুলি জনাইছে বাঁহবাৰীৰ ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মই ৷

অৱশ্যে নতুনকৈ জন্মলাভ কৰা পোৱালিটো মতা নে মাইকী সেই বিষয়ে এতিয়াও নিশ্চিত হ’ব পৰা নাই মানাহ কৰ্তৃপক্ষ ৷

উল্লেখ্য যে সদ্যোজাত পোৱালিটোৰ স’তে মানাহত ৫১টালৈ বৃদ্ধি পালে গঁড়ৰ সংখ্যা ৷ বন বিষয়া বাবুল ব্ৰহ্মই জনোৱা মতে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰজননক্ষম বহুকেইটা মাইকী গঁড় বন বিভাগৰ নিৰীক্ষণত আছে, আৰু গঁড়ৰ সংখ্যাও নিকট ভৱিষ্যতে আৰু বেছি বৃদ্ধি পাব ৷

Exit mobile version