কমনৱেলথ গেমছৰ আহি গুৱাহাটীত উপস্থিত হিমা দাস

প্ৰতিখন খেলেই মোৰ বাবে অতি গুৰুত্বপূৰ্ণ, মই সদায় জিকিবলৈ খেলো : হিমা

WhatsApp Image 2022 08 11 at 6.59.50 PM

দেশৰ আগশাৰীৰ দৌৰবিদ তথা অৰ্জুন হিমা দাসে বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা উভতি আহি আজি উপস্থিত হয় গুৱাহাটীত ৷ অসম এথলেটিকছ এছ’চিয়েশ্বনে আয়োজন কৰা এক সংবাদমেলত অংশ লৈ ধিং এক্সপ্ৰেছ গৰাকীয়ে কয়, ভাৰতৰ মহিলাৰ স্প্ৰিন্ট দলে আগন্তুক এচিয়ান গেমছৰ ২০০ মিটাৰ দৌৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লক্ষ্যৰে কঠোৰ প্ৰশিক্ষণ আয়ত্ত কৰি আছে৷ মই কেতিয়াও শেষ হৈ নাযাও।এক মাইক্ৰ’ চেকেণ্ডৰ মূল্য কিমান এইবাৰ বুজিলো ।

“প্ৰতিযোগিতাত অংশ লৈ বহু কথা শিকিলো।পূৰ্বে এনেবোৰ অভিজ্ঞতা নাছিল। এক মাইক্ৰ’ ছেকেণ্ড কিমান গুৰুত্বপূৰ্ণ সেয়া কমনৱেলথ গেমছে শিকালে। ছেমি ফাইনেলৰ দিনা বহুত ঠাণ্ডা আছিল,মই কঁপি আছিলো বুলিও প্ৰকাশ কৰে স্প্ৰিন্ট কুইন গৰাকীয়ে ৷

বিগত ২০১৮ চনৰে পৰা খেলবিশ্বৰ সৈতে জড়িত হৈ আছো। তাৰ পাছতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে কিছুদিনধৰি খেলিব পৰা নাছিলো। ক’ভিড,আঘাত জনিত পৰিবেশৰ ২টা বছৰৰ অন্তত প্ৰতিযোগিতাত নামিছো বুলি সদৰি কৰে সংবাদমেলত ৷ সংবাদমেলত অসম এথলেটিকছ এছ’চিয়েশ্বনৰ সভাপতি লক্ষ্য কোঁৱৰেও সম্বোধন কৰে ৷

Exit mobile version