হোজাইত আজমল ফাউণ্ডেচনৰ “আজাদী কা অমৃত মহোৎসৱ”ৰ বৃহৎ সজাগতা সমদল

WhatsApp Image 2022 08 11 at 5.32.01 PM

হোজাই স্হিত আজমল ফাউণ্ডেচনে আজি চহৰখনত উলিয়াই “আজাদী কা অমৃত মহোৎসৱ সজাগতা সমদল । দেশৰ স্বাধীনতা সংগ্ৰামত ত্যাগৰ মহত্বৰে উদ্ভাসিত হৈ উঠা মুক্তিযুঁজাৰুসকলক স্মৰণ কৰাৰ বাবে আজমল ফাউণ্ডেচনৰ অধীনস্থ আজমল আইন মহাবিদ্যালয় ,নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজ ,মৰিয়ম আজমল ওমেন্স কলেজে ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ পূৰ্ণ প্ৰস্তুতি ৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ইতিমধ্যে হাতত লৈছে আজমল গ্ৰুপৰ কলেজ সমূহে। আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত মৰিয়ম আজমল কলেজৰ পৰা হোজাই চহৰত এক দীঘলীয়া সমদল উলিয়াওৱা হয় , উক্ত সমদলত প্ৰায় এক হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে বিদ্যালয় মহাবিদ্যালয় সমূহত বিভিন্ন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে আৰু ডিৰেক্টৰ ড° খচৰুল ইছলামৰ তৎপৰতাত “আজাদী কা অমৃত মহোৎসৱ” সফলভাবে ৰূপায়ন কৰিবলৈ ক্ষীপ্ৰতাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে । সপ্তাহজোৰা কাৰ্যসূচীটো অহা ১৫ আগষ্টত বিয়লি ৫ বজাত অন্ত পৰিব।

Exit mobile version