আৰপিএফ জোৱানে অভিবাদন জনোৱা বহু শতিকা পুৰণি পৰম্পৰা অৱসান ৰে’ল মন্ত্ৰীৰ

WhatsApp Image 2022 08 12 at 2.21.04 PM

দেশৰ ৰে’ল মন্ত্ৰণালয়ৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অশ্বিনী বৈষ্ণৱে ৰে’ল বিভাগত বৃটিছৰ দিনৰে পৰা চলি অহা বহু কেইটা পুৰণি পৰম্পৰা অন্ত পেলাই ৷ ৰে’লৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থকা ৰে’ল সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফৰ জোৱানক নিয়োজিত দিয়া হৈছিল ৰে’ল মন্ত্ৰণালয়ৰ লগতে দেশৰ বিভিন্ন জিএম কাৰ্যালয়ত ৷

ইয়াত নিয়োজিত হৈ থকা জোৱান সকলৰ কাম আছিল কেবল অভিবাদন জনোৱা  ৷ ৰে’ল পথত অভিবাদন জনোৱা শতিকা পুৰণি পৰম্পৰা দীৰ্ঘদিনৰ পৰা অব্যাহত আছিল ৷

কিন্তু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইয়া অলাগতিয়াল পৰম্পৰা বুলি অভিহিত কৰি ইয়াক বন্ধৰ নিৰ্দেশ দিয়ে৷ তেওঁ কয়, এই পৰম্পৰা বন্ধ কৰাৰ মুল কথাটোৱে হৈছে জেনেৰেল মেনেজাৰ আৰু ৰে’লৰ জ্যেষ্ঠ বিষয়া সকলে সদায় নিজকে বিশেষ বুলি ভাবিব নালাগে৷ ইয়াত কৰ্মৰত সকলোৱে সমান আৰু ৰাইজৰ বাবে কাম কৰে৷ থিক একেদৰে আৰ পি এফ জোৱানজনো ৰে’ল বিভাগত নিয়োজিত হৈ থকা সূত্ৰে তেওঁৱে একেই সন্মান প্ৰাপক৷

Exit mobile version