ইণ্ডিয়া টুডে-চি ভোটাৰৰ সমীক্ষাৰ তথ্য প্ৰকাশ

প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীক পুনৰ বিচাৰে ৫৩ শতাংশই

WhatsApp Image 2022 08 12 at 8.37.40 PM

৬৩ শতাংশৰে জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ দ্বিতীয় স্হানত ড: হিমন্ত বিশ্ব শৰ্মা

দেশৰ অগ্ৰণী ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী ইণ্ডিয়া টুডে আৰু চি ভোটাৰৰ সমীক্ষাত প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীৰ প্ৰথম পছন্দ নৰেন্দ্ৰ মোদী৷৫৩ শতাংশ লোকে পুনৰ প্ৰধানমন্ত্ৰী ৰূপবিচাৰে মোদীক৷৯ শতাংশ লোকে বিছাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আৰু ৭ শতাংশই বিচাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে ৷

আনহাতে, দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ ৭৮ শতাংশৰে শীৰ্ষত আছে ওড়িশাৰৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,৬৩ শতাংশৰে দ্বিতীয় স্হানত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু ৬১শতাংশৰে তৃতীয় স্হানত তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন ৷

ইপিনে বিজেপি শাসিত ৰাজ্য সমুহৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰত আছে ড: হিমন্ত বিশ্ব শৰ্মা আৰু দ্বিতীয় স্হানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷

Exit mobile version