তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিতৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কঠোৰ স্হিতি

প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত এজনকৈ এছ আই, পৰীক্ষা কেন্দ্ৰত কৰ্তন হ'ব ইন্টাৰনেট

WhatsApp Image 2022 08 12 at 4.51.12 PM

সকলো উৎকণ্ঠাৰ অন্তত ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষা৷ পৰীক্ষাক লৈ এইবাৰ স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা কঠোৰ স্হিতি গ্ৰহণ কৰিছে৷ পৰীক্ষাৰ প্ৰাকক্ষণত দুষ্টচক্ৰক প্ৰতিহত কৰিবলৈ ৰাজ্য প্ৰশাসনে সষ্টম কৰি তুলিছে আৰক্ষী প্ৰশাসনক ৷

প্ৰশ্নকাকত ভাইৰেল কৰিব চেষ্টা কৰা চক্ৰ এটাক ইতিমধ্যে আৰক্ষীয়ে কৰিছে কৰায়ত্ত৷ সমগ্ৰ পৰীক্ষা ব্যৱস্থাটো স্বচ্ছ,নিকা আৰু আসোঁৱাহমুক্ত হয় তাৰ বাবে আগতিয়াকৈ সাজু হ’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ আজি সংবাদ মাধ্যমক জানিব দিয়ে য়ে, টেট পৰীক্ষাৰ দৰেই সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰি মেধা আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰে ৷তাৰ প্ৰতি বিশেষ পদক্ষেপ লোৱা হৈছে ৷

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্পৰ্কত ১৬ আগষ্টত উপায়ুক্ত- আৰক্ষী অধীক্ষকৰে হ’ব এক গুৰুত্বপূৰ্ণ বৈঠক।পৰীক্ষা আৰম্ভ হোৱাৰ পৰা শেষ নোহোৱা পৰ্যন্ত পৰীক্ষা কেন্দ্ৰত কৰ্তন থাকিব ইন্টাৰনেট সেৱা৷ একেদৰে প্ৰতিটো পৰীক্ষা কেন্দ্ৰত তদাৰকী দায়িত্বত থাকিব এজনকৈ আৰক্ষী উপ- পৰিদৰ্শক। এই ধৰণৰ বৃহৎ পৰীক্ষাৰ অনুষ্ঠিত কৰি আগন্তুক ২০ বছৰৰ বাবে কোৱালিটি মানৱ গঢ়ি তোলা হ’ব ৷’

Exit mobile version