নগাঁৱৰ বিদ্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ আজাদী কী অমৃত মহোৎসৱৰ সজাগতা

দেশপ্ৰেম, জাতীয়তাবোধ, ৰাষ্ট্ৰীয়তাবোধ আৰু সাৰ্বভৌমত্বৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে নগাঁও চহৰৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে ৷

দেশৰ আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আৰু আগন্তুক স্বাধীনতা দিৱস উপলক্ষে বিদ্যালয় খনে ৰূপায়িত কৰিলে এক বিশেষ অনুষ্ঠানৰ ৷ হাতে হাতে দেশৰ স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা হাতত লৈ নৱৰূপ জাতীয় বিদ্যাপীঠৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সমস্বৰে গালে দেশ প্ৰেম মূলক সংগীত ৷ বিদ্যালয় খনত গুঞ্জৰিত হ’ল ভাৰত মাতা কি জয়,বন্দে মা তৰম ধ্বনিৰে ৷

বিদ্যালয়খনত সৃষ্টি হ’ল দেশপ্ৰমৰ এক বিনন্দীয়া পৰিৱেশৰ ৷ আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩৪ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অধিনায়ক আৰ কে শ্ৰীবাস্তৱ ৷ ইয়াৰোপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ আন কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থকা এই অনুষ্ঠানতে শেহতীয়াকৈ ৬৮ সংখ্যক ২০২০ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কাৰ্বি চুটি ছবি “কাচ্চিচিনিথু” (The boy with a gun)ৰ বাবে ৰজত কমল ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তথা বিদ্যালয় খনৰ অভিভাৱক খঞ্জন কিশোৰ নাথক সম্বৰ্ধনা জ্ঞাপন কৰে।

Exit mobile version