নেহৰু পৰিয়ালক বাদ দি কংগ্ৰেছে একো চিন্তা কৰিব নোৱাৰে : পীযুষ হাজৰিকা

‘নেহৰু-গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো চিন্তা কৰিব নোৱাৰে। কংগ্ৰেছে এই দাসত্বৰ মানসিকতাৰ পৰা কেতিয়াও আঁতৰি আহিব নোৱাৰে।এটা পৰিয়ালৰ পৰা কংগ্ৰেছ কেতিয়াও আগুৱাই যাৱ নোৱাৰে।এটা পৰিয়ালে আমাক শাসন কৰিবলৈ এই খন ৰাজতন্ত্ৰ নেকি? তেওঁ লোকৰ মানসিকতা হৈছে দাসত্ব। তেওঁ লোকৰ মানসিকতা হৈছে এটা পৰিয়ালে ভাৰতক শাসন কৰক।এইবোৰ মানসিকতাৰ বাবেই তেওঁ লোকে নেহৰুৰ ফটো সম্বলিত জাতীয় পতাকা ব্যৱহাৰ কৰিছে। তেওঁ লোকে মহাত্মা গান্ধীৰ ফটো থকা পতাকা ব্যৱহাৰ কৰা হ’লে মই বেছি ভাল পালো হেঁতেন । “আজি নগাঁৱত সাংবাদিকৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই।
বিজেপি -অগপৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা কেতবোৰ মন্তব্যৰ সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয়,”ভূপেন বৰা উচতাই জোল খাব বিচৰা মানুহ।আমি বিজেপি -অগপ -ইউ পি পি এল একেলগে আছো।আমাৰ মিত্ৰ দল সমূহ আমাৰ লগত সসন্মানে আছে।আজিৰ নগাঁৱৰ সভাত মূখ্য অতিথি কেশৱ দা মইতো নহয়।সসন্মানৰে আমি সকলো একেলগে আছো।”

২০২৪চনলৈকে বিজেপিক সুবিধা দিছো,২০২৬ত ক্ষমতা আমাৰ হাতলৈ আহিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এদিন পূৰ্বে নগাঁৱত কৰা মন্তব্যৰ কটাক্ষ কৰি হাজৰিকাই কয়,”ভূপেন বৰাই ক’ব বিচাৰিছে ২০২৪লৈকে যিমান নিৰ্বাচন হ’ব সকলোতে আমি জিকিম।২০২৪ৰ পাছত আমি হাত সাৱটি বহি থাকিম নেকি।আমি হাত সাৱটি বহি থকা মানুহ নহয়।বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ ইমান সহজ কথা নহয়।”

নগাঁও জিলাত পুনৰ ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি মন্তব্য কৰি জিলা খনৰ অভিভাৱক মন্ত্ৰী হাজৰিকাই কয়,”অসমৰ লগতে নগাঁও ড্ৰাগছ মুক্ত হ’বই লাগিব।জিলা খনৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখিছো। আৰক্ষী প্ৰশাসনক বাৰে বাৰে কৈ আছো কঠোৰ ভাৱে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে বুলি।এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়া হৈছে।”

Exit mobile version